মৰিগাঁও,30 নৱেম্বৰ : মৰিগাঁৱত দেওবাৰে SAVE SHOP নামৰ কোম্পানীৰ বিষয়াক উত্তম-মাধ্যম শোধায় বঞ্চিত যুৱকৰ সমৰ্থকে ৷ এখন চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ গৈছিল মাৰ্জিত সাজ-পোছাক পৰিহিত যুৱককেইজনে ৷ এই ব্যৱসায়ত ৰুবুল কুমাৰ নাথ নামৰ এজন যুৱকেও অংশগ্ৰহণ কৰিছিল যদিও 5,700 টকা দিয়াৰ পাচতো নিজৰ পাবলগীয়া সামগ্ৰীখিনি লাভ কৰা নাছিল ৰুবুলে ৷
সেয়েহে নিজৰ প্ৰাপ্য বিচাৰি যোৱাত কোম্পানীটোৰ বিষয়া আৰু কেইজনমান লোকে একেলগ হৈ ৰুবুল নাথক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ একাংশ স্থানীয় লোকে মৰিগাঁও পবিতৰা সভাগৃহত উপস্থিত হৈ কোম্পানীটোৰ বিষয়াসকলক লপা-থপা দি আৰক্ষীক গতাই দিয়ে ৷