মৰিগাঁও, 31 মে’ :মৰিগাঁও জিলাৰ হুগলতলিৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ কৃষকৰ মূৰত ৰামটাঙোন শোধাইছে পৃথিৱী নামৰ ধানৰ বীজ যোগান ধৰা এটা কোম্পানীয়ে । যাৰবাবে এতিয়া ক্ষোভতে খেতি পথাৰতে কষ্টৰে উৎপাদন কৰা শস্য জ্বলাই দিছে কৃষকে ৷
মৰিগাঁও জিলাৰ হুগলতলিৰ কৃষকে অধিক ধান উৎপাদন কৰাৰ আশাৰে কোম্পানীৰ ধানৰ বীজৰ কঠিয়া ৰোপন কৰিছিল । বিগত তিনিটা মাহত সাৰ পানী যোগান ধৰাত ধান গছসমূহ লহপহকৈ বাঢ়ি অহাত কৃষকৰ মনত অপাৰ আনন্দ হৈছিল । কিন্তু ধান পকাৰ সময়ত মৰহি গৈ ধানৰ বিপৰীতে পতান ওলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ।