অসম

assam

ETV Bharat / state

মৰিগাঁৱত মৰিশালিৰ নিস্তব্ধতা, নাই বিহুৰ উছাহ

লুইতৰ বুকুত জাহ গ'ল ভঁৰাল ঘৰ,চোতাল,ভেটি মাটি সকলো৷ প্ৰায় 74 টা পৰিয়ালৰ ঘৰ বাৰী লুইতে গ্ৰাস কৰাৰ পিচত তেওঁলোকৰ ঠিকনা এতিয়া পথৰ দাঁতি অথবা মথাউৰি ৷ শৰণাৰ্থীৰ দৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে ৷ এইয়াই জীৱন তেওঁলোকৰ বাবে ৷ বিহু তেওঁলোকৰ বাবে মাথো এটা সপোন এতিয়া ৷ মৰিগাঁৱৰ পলাশগুৰিৰ একাংশ লোকৰ কৰুণ গাথা

বিহু তেওঁলোকৰ বাবে মাথো এটা সপোন

By

Published : Oct 18, 2019, 7:07 PM IST

মৰিগাঁও, 18 অক্টোবৰঃ মৰিগাঁৱৰ এখন গাঁৱত নাই কাতি বিহুৰ উছাহ ৷ আদৰৰ বিহুটি পাতিবলৈ একাংশ লোকৰ নাই এডোখৰ ঠাই ৷ মৰিগাঁওৰ পলাশগুৰিত এইবাৰ মৰিশালীৰ নিস্তব্ধতা । শোকত ভাগি পৰিছে গাঁওখনৰ মুনিহ তিৰোতা সকলো । চাৰিওফালে নিমাওমাও পৰিৱেশ৷ শস্য মস্যৰে নদন বদন অঞ্চলটোত এতিয়া একোৱেই নাই ৷ ভৰ বাৰিষা কাল ৰূপ ধৰি অহা লুইতৰ কোবাল সোঁতত উটি গ'ল সকলো ৷ কোনমতে মানুহকেইটা বাচিল যদিও লুইতৰ বুকুত জাহ গ'ল ভঁৰাল ঘৰ,চোতাল,ভেটি মাটি সকলো৷ প্ৰায় 74 টা পৰিয়ালৰ ঘৰ বাৰী লুইতে গ্ৰাস কৰাৰ পিচত তেওঁলোকৰ ঠিকনা এতিয়া পথৰ দাতি অথবা মথাউৰি ৷ শৰণাৰ্থীৰ দৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে৷ এইয়াই জীৱন তেওঁলোকৰ বাবে ৷ আদৰৰ বিহুটি পাতিবলৈ তেওঁলোকৰ নিজৰ বুলিবলৈ নাই এখন চোতলা কিম্বা খেতি পথাৰ৷ যুগ যুগ ধৰি বাস কৰি অহা সাতামপুৰুষীয়া ভেটিটো হেৰুৱাই বিহুৰ দিনা ফেঁকুৰি উঠিল তেওঁলোক ৷ মৰিগাঁৱৰ লাহৰীঘাটৰ পলাশগুৰি গাঁৱত এতিয়া বিষাদৰ বন্যা৷ নাই কাতি বিহুৰ উছাহ ৷ সময়ৰ পৰিৱৰ্তনত সকলো হেৰুৱাই উদাস মনেৰে চাই ৰৈছে লুইতৰ বুকুত জাহ যোৱা ভেটিটোলৈ ৷

সপোনৰ ঘৰ বাৰী মাটি ভেটি সকলো লুইতৰ বুকুত জাহ গ'ল
মৰিগাঁৱত মৰিশালিৰ নিস্তব্ধতা, নাই বিহুৰ উছাহ

আনহাতে এতিয়াও গাঁও খনৰ ওচৰৰ এটা ৰিং বান্ধত বাস কৰা বহুকেইটা পৰিয়ালৰ সাতামপুৰুষীয়া ঘৰ ভেটি সকলে লুইতৰ বুকুত জাহ যায় বিগত বাৰিষাত ৷ ঘৰবাৰী, মাটি, ভেটি হেৰুৱাই তেওঁলোক এতিয়া অঘৰী ৷ বিহুৰ দিনা ক্ৰন্দনত ফাঁটি পৰিল অঞ্চলটোৰ লোকসকল ৷

মৰিগাঁৱৰ এখন গাঁৱত নাই কাতি বিহুৰ উছাহ

ABOUT THE AUTHOR

...view details