মৰিগাঁও,8ফেব্ৰুৱাৰী: দেওবাৰে মৰিগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বঘৰা অঞ্চলত কৃষকৰ মাজত অনুষ্ঠিত হয় ছখনকৈ সজাগতা সভা। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱিক সাৰ APSA-80 ৰ প্ৰয়োগ আৰু জৈৱিক কৃষি পদ্ধতিত ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত এই সভাত আলোচনা কৰা হয় ৷
মৰিগাঁও কৃষি চক্ৰৰ অন্তৰ্গত এজাৰবাৰী,শিঙিমাৰী,কলবাৰীকে ধৰি ছখনকৈ গাঁৱৰ কৃষকৰ মাজত জৈৱিক সাৰৰ প্ৰয়োগৰ বিষয়ে সজাগ কৰাৰ অৰ্থে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । জীৱন জেউতি কৃষক সংঘৰ সমন্বয়ক তুলসী ডেকাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত জিলাখনৰ কৃষি বিভাগৰ হৈ জ্যেষ্ঠ কৃষি পৰিদৰ্শক মোহন বৰা আৰু APSA-80ৰ প্ৰয়োগৰ বিষয়ে ব্যাখ্যা আগবঢ়াই ৰূপেশ দেৱনাথে ।