অসম

assam

ETV Bharat / state

মৰিগাঁৱত বানপানীত পৰি এজন নিহত - Morigaon one died due to drowned in flood water

মৰিগাঁৱত বানপানীৰ ফলত মৃত্যু হয় এজন লোকৰ ৷

মৰিগাঁৱত বানপানীত পৰি এজন নিহত
মৰিগাঁৱত বানপানীত পৰি এজন নিহত

By

Published : Jul 24, 2020, 2:56 AM IST

মৰিগাঁও, 24 জুলাই : মৰিগাঁৱত সংহাৰী বানত প্ৰাণ হেৰুৱালে আৰু এজনে । নাৱৰ পৰা পানীত পৰি অকাল মৃত্যুক সাবতি ল'লে হৰকুমাৰ ডেকা নামৰ ৬৭ বছৰীয়া লোকজনে । পশুখাদ্যৰ বাবে দলনিত নাৱৰে ঘাঁহ কাটিবলৈ গৈ ব্যক্তিগৰাকীয়ে সাৱতি লয় অকাল মৃত্যুক । ঘটনাৰ বিৱৰণী মতে, মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ডিমৰুগুৰিত হৰকুমাৰ ডেকা নামৰ লোকজনে বৃহস্পতিবাৰে নাৱৰে ঘাঁহ কাটিবলৈ যোৱাৰ পৰত দুৰ্ভাগ্যবশত বাঢ়নী পানীত পৰি যায় ৷ কিছুসময়ৰ পিছত স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় লোকজনক ৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে লোকজনক ৷

ABOUT THE AUTHOR

...view details