মৰিগাওঁ, 26 জুলাইঃ মৃত্যুৰ উপত্যকাত পৰিণত হৈছে মৰিগাঁও । প্ৰায় প্ৰত্যক দিনাই বানৰ ফলত মৃত্যু হৈছে এজনকৈ লোকৰ ৷ শনিবাৰৰ দিনটোত মৰিগাঁৱত পানীত পৰি এটি শিশুৰ অকাল মৃত্যু । তিনি বছৰীয়া শিশুটিৰ নাম চাব্বিৰ আহমেদ । মৰিগাঁও মৰিমুছলমান গাঁৱৰ হিফজুৰ আলীৰ পুত্ৰ আছিল দুৰ্ভগীয়া চাব্বিৰ ।
মৰিগাঁৱত পানীত পৰি মৃত্যু 3 বছৰীয়া কণমাণিৰ
ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰিমুছলমান গাঁৱৰ হিফজুৰ আলীৰ ৩ বছৰীয়া পুত্ৰ চাব্বিৰ আহমেদে ঘৰৰ পাছফালে থকা পুখুৰীৰ পৰা হাঁহ আনিবলৈ গৈ পানীত পৰি মৃত্যুক সাবতি লয় ।
মৰিগাঁৱত পানীত পৰি পুনৰ শিশুৰ অকাল মৃত্যু । ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰিমুছলমান গাঁৱৰ হিফজুৰ আলীৰ ৩ বছৰীয়া পুত্ৰ চাব্বিৰ আহমেদে ঘৰৰ পাছফালে থকা পুখুৰীৰ পৰা হাঁহ আনিবলৈ গৈ পানীত পৰি মৃত্যুক সাবতি লয় ।
ইপিনে ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৰিগাওঁ সদৰ থানাৰ আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়া ৷ আৰক্ষী বিষয়া গৰাকীয়ে নিজেই কণমানিটোৰ নিথৰ দেহ বুকুত সাবতি লৈ গ'ল চিকিৎসালয়লৈ ৷ অৱশ্যে চিকিৎসকে শিশুটিৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ আৰক্ষী বিষয়া গৰাকীৰ এনে মহানুভৱতাত অঞ্চলবাসী মুগ্ধ হৈছে যদিও শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷