অসম

assam

ETV Bharat / state

ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ - কন্টেইনমেন্ট জ'ন

মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে মঙলবাৰে জিলাখনৰ বিভিন্ন কণ্টেইনমেণ্ট জ'ন আৰু ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন
মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন

By

Published : May 19, 2021, 9:41 AM IST

মৰিগাঁও,19 মে’: নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে মৰিগাঁৱৰ বিভিন্ন কণ্টেইনমেণ্ট জ'ন আৰু জিলাখনৰ একাধিক ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে । সোমবাৰে আৰক্ষী অধীক্ষক গৰাকীয়ে মৰিগাঁৱত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাচতে মঙলবাৰে প্ৰথমটো কাৰ্যসূচীৰূপে বহুকেইটা কণ্টেইনমেণ্ট জ'নৰ নিৰাপত্তাৰ লগতে ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ৷

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষক গৰাকীয়ে ক্ৰমে ভূৰবন্ধা আদৰ্শ চিকিৎসালয়, ঔগুৰি মাধ্যমিক বিদ্যালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়, মৰিগাঁও মজলীয়া বিদ্যালয়, গোঁহাই বৰুৱা প্ৰাথমিক বিদ্যালয়, অভ্যাসন প্ৰাথমিক বিদ্যালয়ক আদি পৰিদৰ্শন কৰে ৷ ইয়াৰ লগতে নৱ নিযুক্ত অধীক্ষক গৰাকীয়ে ৰেপিড এণ্টিজেন পৰীক্ষা কৰা জিলাখনৰ বিভিন্ন ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ।

ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ

লগতে পঢ়ক : কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে

ABOUT THE AUTHOR

...view details