মৰিগাঁও, ৬ মে': মৰিগাঁও জিলাত বুধবাৰে ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে । মৰিগাঁৱৰ ধৰমতুলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছ ভাঙি পৰে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথতে আৱদ্ধ হৈ থাকিবলগীয়া হয় নামনিমুৱা বহু যান-বাহন ।
মৰিগাঁৱত ৰাজপথত বাগৰিল গছ, যাতায়াত ব্যাহত - হৰ্ণবিল উদ্যান
বুধবাৰে আবেলি প্ৰচণ্ড বতাহ-বৰষুণত মৰিগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰে পথৰ দাঁতিত থকা গছ । ফলত ৰাজপথেৰে যাতায়াত ব্যাহত হৈ পৰে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে বহু যানবাহন ।

মৰিগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ যানবাহন
ধৰমতুল হৰ্ণবিল উদ্যানৰ সন্মুখত ফ'ৰলাইন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইদৰে গছ ভাঙি পৰে । পিছত স্থানীয় একাংশ লোকে ৰাজপথৰ পৰা গছৰ ডালবোৰ আঁতৰ কৰি দিয়ে আৰু তেতিয়াহে যান-বাহন চলাচল স্বাভাৱিক হয় । বুধবাৰে অহা প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিয়ে বিভিন্ন স্থানত ক্ষতিসাধন কৰাৰ ফলত বহু লোক আতংকিত হৈ পৰে ।
লগতে পঢ়ক:শিৱসাগৰত 2 বজাৰ লগে লগে বন্ধ হৈ পৰিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ