মৰিগাঁও, 25 জুন :শনিবাৰে মৰিগাঁও চহৰৰ পবিতৰা হাটত আয়োজন কৰা হয় নাথ যোগীসকলৰ কাৰ্যনিৰ্বাহক সভা ৷ মৰিগাঁও জিলা যোগী সন্মিলনীৰ আতিথ্যত আয়োজিত অসম প্ৰাদেশিক যোগী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে ৷ এই কাৰ্যনিৰ্বাহক সভাতে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুননিৰ্ধাৰণ সন্দৰ্ভত কেতবোৰ আলোচনা কৰে ৷
লগতে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক আদৰণিও জনায় অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ৷ আনকি জনসংখ্যা আৰু ভৌগোলিক গাঁঠনিৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও বিধান সভা সমষ্টিটো অতি পুৰণি খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীয় লোকসকলৰ বাবে সংৰক্ষণ কৰিবলৈয়ো দাবী জনায় ।
সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে কয়,‘‘অসমত প্ৰায় 42 লক্ষ নাথ-যোগী মানুহে বসবাস কৰে ৷ কিন্তু এই মানুহখিনি বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতি অৱদান থকাৰ পিচতো ভাৰবৰ্ষই স্বাধীনতা লাভ কৰা 75 বছৰত এই সম্প্ৰদায়টোৰ পৰা অসম বিধান সভালৈ আজিৰ তাৰিখলৈ নিৰ্বাচিত প্ৰতিনিধি মাত্ৰ 7 গৰাকীহে ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এই নাথ যোগীসকল ৰাজনৈতিকভাৱে কিমান অনাদ্ৰিত তথা অৱহেলিত’’ ৷