অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এখন বনাঞ্চল - মৰিগাঁও

দুষ্প্ৰাপ্য বৰটোকোলাৰো নিৰাপদ নিলয় এই বনাঞ্চলখন

বনাঞ্চল

By

Published : Feb 20, 2019, 2:40 PM IST

মৰিগাঁও, ১৯ ফেব্ৰুৱাৰীঃআমি ক'ব বিচাৰিছো নগাঁও-মৰিগাঁও সীমান্তৱৰ্তী নখন্দাৰ এইখন বৰটোকুলাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ বিষয়ে। পিছে এইখন বনাঞ্চল ৰাজ্যৰ বনবিভাগৰ সংৰক্ষিত বনাঞ্চল নহয় । নখন্দা গাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফচল ১৫ হেক্টৰ মাটিত গঢ় লৈ উঠা এই বনাঞ্চল । ৩৫ বছৰীয়া প্ৰচেষ্টাৰে গঢ়ি তোলা এই বনাঞ্চলে ক্ৰমবৰ্দ্ধমান হাৰত বাঢ়ি অহা গোলকীয় উষ্ণতা ৰোধৰ ক্ষেত্ৰত যথেষ্ট তাৰ্পয বহন কৰিছে।

বনাঞ্চল
প্ৰকৃতি সংৰক্ষণ বাবে গাঁও বাসীক সজাগ কৰিবলৈ " আমাৰ গাও আমাৰ প্ৰাণ, আমিয়েই ৰাখিব লাগিব মান।" আদিৰ দৰে বিভিন্ন সেউজ সংলাপ লিখি পথৰ দাতিত আৰি দিছে যুৱক সংঘটোৱে । ইপিনে গাঁৱৰ গৰু ছাগলী প্ৰৱেশ কৰিব নোৱাৰাকৈ ৰাইজে জেউৰা দিয়ে বনাঞ্চলখনত । ইয়াৰ ওপৰিও বনবিভাগৰ দৰে যুৱক সংঘটোৰো আছে কেতবোৰ অনুশাসন । অনুমতি নোহোৱাকৈ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে বনাঞ্চলখনত । নিয়ম উলংঘা কৰিলে বিধি অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণকৰে যুৱক সংঘই যুৱক সংঘটোৰ এই আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই নখন্দাৰ সেউজ ভূমিত সংৰক্ষিত হৈ ৰৈছে বিভিন্ন প্ৰজাতিৰ থলুৱা গছ গছনি,উদ্ভিদৰ লগতে বহু মূল্যৱান গছ। বৰটোকোলাকে ধৰি বিবিধ পক্ষী তথা জীৱকুলৰ বাবে নিৰাপদ আশ্ৰয়স্থলীত পৰিণত হৈছে বনাঞ্চলখন।বন বিভাগৰ হেমাহিৰ বাবে ৰাজ্যৰ বনাঞ্চলসমূহ এফালৰ পৰা ধ্বংস হৈ অহাৰ সময়তেই মৰিগাঁৱৰ যুৱক সংঘটোৰ এই কাৰ্যক সকলোৱে প্ৰশংসা

ABOUT THE AUTHOR

...view details