অসম

assam

By

Published : Aug 8, 2020, 3:58 PM IST

ETV Bharat / state

ডিঙি কাটি হত্যা চালককঃ লাহৰীঘাটত চাঞ্চল্য

চালকক ডিঙি ৰেপি পেলাই থৈ গ’ল লাহৰীঘাটত । আৰক্ষীৰ তদন্ত অব্যাহত । বৰ্তমানলৈ চিনাক্ত হোৱা নাই হত্যাকাৰী । ঘটনাক কেন্দ্ৰ কৰি লাহৰীঘাটত অব্যাহত আছে চাঞ্চল্য ।

মৰিগাঁৱত ডিঙি কাটি হত্যা চালকক
মৰিগাঁৱত ডিঙি কাটি হত্যা চালকক

মৰিগাঁও, 8 আগষ্টঃ শুক্ৰবাৰে নিশা লাহৰীঘাটত সংঘটিত হয় এক নৃশংস ঘটনা ৷ এগৰাকী চালকক ডিঙি ৰেপি গাড়ীৰ ভিতৰতে পেলাই থৈ যায় অচিনাক্ত দুৰ্বৃত্তই ৷ নৃশংস ঘটনাটো সংঘটিত হয় লাহৰীঘাটৰ জলকীয়াবড়ীত ৷ চালকজনে ভাৰা মাৰি শুকুৰবাৰে নিশা AS 21C 9275 নম্বৰৰ মালবাহী টাটা মবাইল গাড়ীখন লৈ নিজ গৃহলৈ যোৱাৰ বাটতে অচিনাক্ত দুৰ্বৃত্তই ডিঙি কটাৰ লগতে শৰীৰৰ কেইবাটাও স্থানত ছুৰিৰে আঘাত কৰে ৷ স্থানীয় একাংশ লোকে গাড়ীত চালকজনক ছটফটাই থকা দেখি আৰক্ষীক খবৰ দিয়াত লাহৰীঘাট আৰক্ষীয়ে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ লৈ যায় চালকগৰাকীক ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই লোকজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ গুৱাহাটীত চিকিৎধীন অৱস্থাত মৃত্যু হয় চালক জনৰ ৷

মৰিগাঁৱত ডিঙি কাটি হত্যা চালকক

মৃত্যু হোৱা চালকজন ২ নং বড়বড়ী গাঁৱৰ ৰাব্বুল ইছলাম বুলি জানিব পৰা গৈছে ৷ তিনি সন্তানৰ পিতৃ বাবুল আলীয়ে গাড়ীখন চলাই পৰিয়ালক পোহ পাল দি আহিছিল ৷ কি কাৰণত এনে ঘটনা সংঘটিত হৈছে সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়কঃকেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

ABOUT THE AUTHOR

...view details