মৰিগাঁও ,20 মে’: মৰিগাঁও জিলাৰ জালুগুটিত ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী যুৱকৰ। ঘটনাৰ বিৱৰণী অনুসৰি, জালুগুটিৰ গোণামাৰাৰ যুৱক বাবু আলি টুকুনাবৰীস্থিত শহুৰেকৰ ঘৰত আছিল ঘৰজোঁৱাই হিচাপে ।
লক্ষণীয়ভাৱে, বুধবাৰে পুৱতি নিশা বাবুৰ পিতৃ পৰিয়াললৈ ফোনযোগে অহা এক খবৰত তেওঁৰ শহুৰেকৰ ঘৰৰ লোকে জনায় যে, বাবু আলি উশাহ ল’ব নোৱাৰা অৱস্থাত আছে । অৱশ্যে, নিজ পৰিয়ালৰ লোকে তেওঁক মৃত অৱস্থাতহে পোৱা বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে, বাবু আলিয়ে এডাল সৰু বেল্টৰে ফাঁচী লৈ আত্মহত্যা বুলি শহুৰেকৰ ঘৰৰ লোকে দাবী কৰাৰ বিপৰীতে তেওঁক পোৱা গৈছে ঘৰৰ ভিতৰৰ এখন বিচনাতহে ৷ ইয়াৰ লগতে, বাবুৱে পৰিধান কৰা ছেণ্ডেল যোৰ ঘৰৰ পৰা কিছু দূৰত এখন বাহনিৰ ওচৰত উদ্ধাৰ কৰা হৈছে ।
আনহাতে, বাবুৰ পিতৃ পৰিয়ালৰ লোকে ইতিমধ্যে জালুগুটি আৰক্ষী চকীত বাবুৰ পত্নী, শাহু, এগৰাকী পুতু নামৰ যুৱতী আৰু পৰিয়ালটোৰ নগাঁৱত বাস কৰা জোঁৱায়েক হাবিবুৰ ৰহমানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ।