অসম

assam

ETV Bharat / state

মৰিগাঁৱত বিৰাজ কৰিছে নান্দনিক পৰিৱেশে

শীতৰ আগমণৰ লগে-লগে মৰিগাঁও জিলাৰ মৰিবিলত আগমণ ঘটিছে নানা পৰিভ্ৰমী চৰাইৰ ৷ চৌদিশে ভৰি আছে ভিন্ন গছ-লতিকাৰে ৷ পৰ্যটনৰ এক কেন্দ্ৰ হিচাপে পৰিচিত হৈ পৰিছে এতিয়া মৰিগাঁও জিলাৰ মৰিবিল ৷

morigaon-moribil-as-tourist-spot
মৰিগাঁৱত বিৰাজ কৰিছে নান্দনিক পৰিৱেশে

By

Published : Nov 18, 2020, 8:19 PM IST

মৰিগাঁও,18নৱেম্বৰ:পৰ্যটনৰ এক কেন্দ্ৰ হৈ পৰিছে এতিয়া মৰিগাঁও জিলাৰ মৰিবিল ৷ নানা পৰিভ্ৰমী চৰাইৰ আগমণে মৰিবিলত বৃদ্ধি কৰিছে সৌন্দৰ্য ৷ এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে মৰিগাঁও জিলাৰ মৰিবিলৰ চৌপাশ ৷

মৰিগাঁৱত বিৰাজ কৰিছে নান্দনিক পৰিৱেশে

মৰিগাঁও চহৰৰ পশ্চিম দিশৰ পৰা পূৱ দক্ষিণলৈ গতি কৰা মৰিগাঁও মৰিবিলৰ আছে অনেক বৈশিষ্ট্য ৷ কাৰ্যত শীতৰ আগমণৰ লগে-লগে লক্ষ-লক্ষ চৰাইৰ আগমণেৰে মুখৰিত হৈ পৰে মৰিবিলৰ চৌপাশ ৷ মৰিবিলৰ চৌদিশে ভৰি আছে ভিন্ন গছ-লতিকাৰে ৷ ওখ-ওখ গছৰ মাজে-মাজে আছে সৰু-সৰু পথ ৷ য'ত হাজাৰ-হাজাৰ লোক আহে বনভোজ খাবলৈ ৷

অন্য এক খবৰৰ বাবে: সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও

মৰিবিলৰ সূৰ্যাস্ত সবাতোকৈ আকৰ্ষণীয় ৷ নৌকা বিহাৰৰো আছে সুবিধা ৷ এককথাত ক'বলৈ গ'লে মৰিগাঁও মৰিবিলক পৰ্যটন উদ্যোগ ৰূপে গঢ়ি তুলিব পৰাকৈ বিদ্যমান সকলো বৈশিষ্ট্য । কিন্তু তৎস্বত্বেও অৱহেলিত হৈ আহিছে মৰিবিল ৷ ৰাজ্যৰ পৰ্যটন বিভাগে মৰিবিলৰ প্ৰাকৃতিক দৃশ্য সংৰক্ষণ কৰিবলৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে প্ৰকৃতি প্ৰেমি সকলে বিচাৰিছে মৰিবিলক পৰ্যটনৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৷

অন্য এক খবৰৰ বাবে: যোৰহাটৰ নীলমণিৰ ব্যতিক্ৰমী ধৰণেৰে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details