মৰিগাঁৱত প্ৰকৃতিয়ে চিন্তাত পেলালে কৃষকক !
বাৰিষা ঋতুৰ মুষলধাৰ বৰষুণে নৈ-বিল, খাল-দোং পানীৰে ওপচাই পেলোৱাৰ উপৰি বেছিভাগ কৃষিভূমি জলমগ্ন কৰি তোলে ৷ যাৰ ফলত এই সময়ত খেতি পথাৰক লৈ ব্যস্ত হৈ পৰে অসমৰ চহা কৃষক ৷ কিন্তু ইয়াৰ এক বিপৰীত ছবি প্ৰতিফলিত হৈছে মৰিগাঁৱৰ পথাৰত ৷
মৰিগাঁও, 27 জুনঃ মৰিগাঁৱত খৰাং সদৃশ পৰিস্থিতি ৷ বাওতলী পথাৰত গৰু-ম'হক খোৱাবলৈ নাই পানী ৷ চিন্তিত চহা-কৃষক ৷ বাৰিষা ঋতুৰ মুষলধাৰ বৰষুণে নৈ-বিল, খাল-দোং পানীৰে ওপচাই পেলোৱাৰ উপৰি বেছিভাগ কৃষিভূমি জলমগ্ন কৰি তোলে ৷ যাৰ ফলত এই সময়ত খেতি পথাৰক লৈ ব্যস্ত হৈ পৰে অসমৰ চহা কৃষক ৷ কিন্তু ইয়াৰ এক বিপৰীত ছবি প্ৰতিফলিত হৈছে মৰিগাঁৱৰ পথাৰত ৷ আহাৰ মাহৰ পষেক বাগৰাৰ পাচতো বাওতলী পথাৰত গৰু ম'হক খোৱাবলৈ নাই এটুপি পানী ৷ যাৰ ফলত বৰ্তমান পৰ্যন্ত কঁঠীয়া সিঁচিবলৈ অপাৰগ কৃষক ৰাইজ ৷ সেয়েহে কান্ধত নাঙল-যুঁৱলি কঢ়িয়াই পথাৰলৈ ঢাপলি মেলা দৃশ্য দূৰ্লভ হৈ পৰিছে মৰিগাঁও ৰাজহচক্ৰৰ পচতীয়া,কলংপাৰ,টেঙা গুৰিকে ধৰি বহু কেইখন গাঁৱত ৷ আনহাতে, প্ৰকৃতিৰ এই ৰূপ দেখি চিন্তিত হৈ পৰিছে কৃষকসকল ৷ আঘোণৰ সোণগুটি চপাই ভঁৰাল পূৰ্ণ কৰা ছবিখন অসম্পূৰ্ণ হৈ ৰোৱাৰ আশংকাত ভুগিছে এতিয়া কৃষকসকল ৷