মৰিগাঁও, 1 অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসকীয় বিজেপি দল। বৃহস্পতিবাৰে বিধায়ক ৰমাকান্ত দেউৰী নেতৃত্বত মৰিগাঁও বিহুতলীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দলীয় সাংগঠিনক সভা। জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বহুকেইজন বিজেপি নেতাই বক্তব্য ৰাখে ৷
ক’ভিড প্ৰট’কল উলংঘা কৰি সভা পাতিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে - মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰী
মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰী নেতৃত্বত কোভিড প্ৰটকল ভংগৰে বিশাল দলীয় সাংগঠিনক সভা। বৃহস্পতিবাৰে মৰিগাঁও বিহুতলীত শাসকীয় দলৰ ক্ষমতাৰ অপব্যৱহাৰে সমবেত কৰালে হাজাৰ হাজাৰ সাধাৰণ জনতাক।
Morigaon
লগতে পঢ়কঃবাছৰ গৰাকীক প্ৰবঞ্চনা ৰাজ্য চৰকাৰৰ
আনহাতে সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিধায়ক ৰমাকান্ত দেউৰীয়ে কংগ্ৰেছ, AIUDF তথা নৱগঠিত অসম জাতীয় পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰে। বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰসংগত আগন্তুক নিৰ্বাচনত তেওঁ জয়ী হ'ব বুলি মন্তব্য কৰে ৷