অসম

assam

ETV Bharat / state

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন - ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ

জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে চিজয় দেউৰীয়ে ৷ সোমবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে চিজয় দেওৰীয়ে ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন

By

Published : Jan 12, 2021, 10:51 AM IST

মৰিগাঁও,12জানুৱাৰীঃ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে তিৱা জাতীয়তা শিবিৰ তিৱা সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক চিজয় দেউৰীয়ে ৷ জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত বিধায়ক গৰাকীয়ে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে চিজয় দেউৰীয়ে ৷ সোমবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে চিজয় দেওৰীয়ে ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন

উল্লেখযোগ্য যে,মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ত ২০১৮ বৰ্ষত ৩৬৮/১৮ গোচৰ ৰুজু কৰিছিল চিজয় দেউৰীয়ে। বৰ্তমানৰ শাসকীয় দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 2010-11 বিত্তীয় বৰ্ষত তিৱাস্বায়ত্ব পৰিষদত কিংবদন্তিৰ পুৰুষ জোঙাল বলহুৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণ কৰাৰ নামত ৩০ লাখ টকা আবন্টন কৰিছিল ৷ একেদৰে 2012-13 বৰ্ষত একেটা মূৰ্তিৰ নিৰ্মাণৰ নামতেই পুনৰ ৩৬ লাখ টকা আবন্টন কৰিছিল । উক্ত কণ্ডৰ বিৰুদ্ধে তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰীয়ে মৰিগাঁও জিলাৰ সত্ৰ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । তাৰ ফলস্বৰূপে সোমবাৰে বিধায়ক গৰাকী ন্যায়ালয়ত উপস্থিত হয় ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন

লগতে পঢ়কঃ এছিয়াৰ প্ৰসিদ্ধ টাৱাং মনাষ্ট্ৰীত তিৰজ্ঞা আৰম্ভ

ABOUT THE AUTHOR

...view details