অসম

assam

মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

By

Published : Oct 8, 2021, 9:24 AM IST

মৰিগাঁৱত আৰক্ষীৰ লোকসকলৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এক বিশেষ সজাগতা শিবিৰ ৷ বিশ্ব মানসিক স্বাস্থ্য সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এই বিশেষ সজাগতা শিবিৰ ৷

as-mrg-,7-oct-health camp-rtu-805-vis-img-bt-as10005
মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

মৰিগাঁও, 8 অক্টোবৰ : বিশ্ব মানসিক স্বাস্থ্য সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি মৰিগাঁৱত জিলা মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক বিশেষ শিবিৰ ৷ আৰক্ষীৰ বিষয়াসকলৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই বিশেষ সজাগতা শিবিৰ ৷ মৰিগাঁৱত কৰ্মৰত আৰক্ষী আৰু শিক্ষক, সমাজ সংগঠকৰ লগতে বিভিন্ন পৰ্যায়ৰ লোকৰ মাজত মানসিক স্বাস্থ্যৰ যতন সম্পৰ্কে দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ কাৰ্যসূচী হাতত লোৱা হয় ৷

মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

জিলা মানসিক স্বাস্থ্য সূচীৰ অধীনত পবিতৰা হাটত অনুষ্ঠিত সজাগত শিবিৰত বিশিষ্ট মানসিক ৰোগৰ চিকিৎসক ডাঃ জয়ন্ত দাসে মানসিক স্বাস্থ্যৰ যতন কেনেদৰে ল’ব পাৰি সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় ৷ অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ত কৰ্মৰত বিষয়াসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই আৰক্ষীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিও উল্লেখ কৰে বিশিষ্ট চিকিৎসক গৰাকীয়ে ৷

জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দত্তই শিক্ষক সকলক আগবঢ়োৱা আলোচনা সন্দৰ্ভত কয়, শিশুসকলৰ মানসিক স্বাস্থ্যৰ যত্নৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ শিক্ষক সকলৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ । কিয়নো শিশু তথা ছাত্ৰ-ছাত্ৰীসকলক অধিক সময়ৰ বাবে শিক্ষক সকলৰ সংস্পৰ্শত থাকে । সেয়েহে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ বুজ লৈ কোনোধৰণৰ সমস্যা থাকিলে শীঘ্ৰে মানসিক স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই চিকিৎসগৰাকীয়ে ।

মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য যতন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য আগবঢ়াই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ সামাজিক মনস্তত্ববিদ নিমিষা হিৰ’ বৰাই। এই শিবিৰত জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক এছ এল বৰুৱা, উপ-আৰক্ষী অধীক্ষক মৌচুমী দাস সহ জিলাখনৰ প্ৰায় ডেৰ শতাধিক আৰক্ষী আৰু শিক্ষক, সমাজ সংগঠকে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰন্ধন সামগ্ৰীৰে নিৰ্মিত এটি ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা

ABOUT THE AUTHOR

...view details