অসম

assam

By

Published : Nov 5, 2020, 10:46 PM IST

ETV Bharat / state

মৰিগাঁৱত প্ৰয়াত সমাজকৰ্মী দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত স্মৃতি চাৰণ সভা

মৰিগাঁৱৰ প্ৰয়াত সমাজ কৰ্মী দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ সভা খনত প্ৰয়াত সমাজকৰ্মী জনক সোঁৱৰি এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ৷

morigaon memorialday_metting
মৰিগাঁৱত প্ৰয়াত সমাজকৰ্মী দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত স্মৃতি চাৰণ সভা

মৰিগাঁও,5নৱেম্বৰ: বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় এখন স্মৃতিচাৰণ সভা ৷ জিলাখনৰ তিনি সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰমে সাংস্কৃতিক সংঘ গান্ধী ভৱন ,মৰিগাঁও বিহুতলী উন্নয়ন সমিতি আৰু সদৰ ৰঙালি বিহু উদযাপন সমিতিৰ উদ্যোগত মৰিগাঁৱৰ অগ্ৰণী সমাজসেৱক প্ৰয়াত দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত অনু্ষ্ঠিত হয় এই বিশেষ স্মৃতিচাৰণ সভাখন ।

মৰিগাঁৱত প্ৰয়াত সমাজকৰ্মী দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত স্মৃতি চাৰণ সভা

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত প্ৰয়াত মেধিয়ে মৰিগাঁৱৰ সমাজ জীৱনত আগবঢ়াই যোৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয় । সভাখনত সমাজসেৱক গৰাকীৰ সোঁৱৰণত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ৷

মৰিগাঁৱত প্ৰয়াত সমাজকৰ্মী দুৰ্গেশ্বৰ মেধিৰ সোঁৱৰণত স্মৃতি চাৰণ সভা

অন্য এক খবৰৰ বাবে: ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত আছুৰ নেতৃবৃন্দ

ABOUT THE AUTHOR

...view details