মৰিগাঁও, 29 জানুৱাৰীঃমৰিগাঁৱত একেখন ৰভাৰ তলিত হোমৰ জুইক সাক্ষী কৰি বৰমালা পিন্ধিলে 200 যোৰা দৰা কইনাই ৷ মৰিগাঁৱৰ বাকৰি গাঁও সমূহীয়া খেলপথাৰত 'সহায়' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনটোৱে অনুষ্ঠিত কৰিলে এই সমূহীয়া বিবাহ অনুষ্ঠান ৷ উল্লেখ্য যে, আৰ্থিক অভাৱৰ বাবে যুগ্ম জীৱনৰ পাতনি মেলা স্বত্বেও সামাজিক প্ৰথা অনুসৰি বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰা লোকৰ বাবে সংগঠনটোৱে আয়োজন কৰিলে এই বিবাহ অনুষ্ঠান ৷ অনুষ্ঠানত দৰা কইনাৰ আত্মীয়কে ধৰি উপস্থিত থাকে সহস্ৰাধিক লোক ৷
'সহায়' স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান - 200 যোৰা দৰা কইনা
'সহায়' স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁৱত, 200 যোৰা দৰা কইনাই একেলগে, একেখন ৰভাৰ তলিত হোমৰ জুইক সাক্ষী কৰি পিন্ধিলে বৰমালা ৷
'সহায়' স্বেচ্ছাসেৱী সংগঠন