মৰিগাঁও,25ছেপ্টেম্বৰঃ ৰাজ্যৰ এখন বিশেষ আৰক্ষী থানা ৷ য'ত এতিয়া থানাৰ লক-আপ পৰিণত হৈছে চেলফি জ'নলৈ । ৰাজ্যৰ একাংশ আৰক্ষী থানা অপৰাধীৰ যে নিৰাপদ আশ্ৰয়স্থলী সেয়া পুনৰ প্ৰমাণিত হ'ল এখন ভাইৰেল হোৱা চেলফিৰ পাচতে ৷
লক-আপত চেলফি উঠাৰ ইচ্ছা আছে যদি মৰিগাঁৱলৈ আহক !
অভিযুক্তৰ চেলফি জ'নলৈ পৰ্যবসিত মৰিগাঁৱৰ এখন আৰক্ষী থানাৰ লকাপ । মিকিৰভেটা আৰক্ষী থানাত কাৰ আশীৰ্বাদত চলিছে এই চেলফি জ'ন ? আৰক্ষী থানাৰ লকাপৰ সন্মুখত এখন চেলফি ৷ তাৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ৷
প্ৰথমে থানাৰ লক-আপৰ সন্মুখত এজন অভিযুক্ত বন্ধুৰে পাঁচ বন্ধুৰ চেলফি ৷ তাৰপাচতে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত অভিযুক্ত আৰু পাঁচ বন্ধুৰ আৰক্ষী থানাত লোৱা চেলফি পোষ্টৰ দৃশ্য । এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাত । কিন্তু কেনেকৈ আৰক্ষীৰ বেহু ভেদি এনেদৰে অভিযুক্তৰ সৈতে চেলফি ল'বলৈ সক্ষম হ'ল তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে নিতৌ আৰক্ষীৰ এনে কিছু কৰ্মকাণ্ডত ৰাইজৰ মনত অসম আৰক্ষীৰ প্ৰতি থকা ভাবমূৰ্তি সামগ্ৰিকভাৱে ম্লান পাব ধৰিছে ৷
ঘটনাৰ অনুসৰি, মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত চালিনা বেগমক নিজৰ ঘৰৰ চোতালত AS -21C-4144 নম্বৰৰ এইখন নীলা মেক্সিমো গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলাই স্বামী আচাদুৰে । আহত পত্নী চেলিনাৰ পৰিয়ালৰ অভিযোগ মতে আচাদুৰ অন্য ছোৱালীৰ সৈতে পৰকীয়া প্ৰেমত পৰাৰ বাবেই বহুবাৰ শাৰীৰিক-মানসিক নিপীড়ন চলাই আহিছে । সেয়ে 23 ছেপ্টেম্বৰত নিৰ্যাতিতা চেলিনা বেগমৰ মাতৃৰ এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পত্নী হত্যাৰ চেষ্টা চলোৱা আচাদুৰক ।