মৰিগাঁও,22 ফেব্ৰুৱাৰী: মৰিগাঁৱৰ লাহৰিঘাটত ভূমি কেন্দ্ৰীক বিবাদৰ ফলত দুটা ফৈদৰ মাজত সংঘাত ৷ মৰিগাঁও জিলা বৰচলা আৰক্ষী চকী অন্তৰ্গত গৰৈমাৰীত শনিবাৰে ভূমি কেন্দ্ৰীক বিবাদ লৈ দুটা পৰিয়ালৰ মাজত সংঘটিত হয় মাৰ-পিটৰ ঘটনা । ঘটনা অনুসৰি গৰৈমাৰীৰ মুস্তাক আহমেদৰ পৰিয়াল আৰু ছাহাব উদ্দিনৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি ভূমি কেন্দ্ৰীকক বিবাদ চলি আছিল ৷ অভিযোগ মতে, শুকুৰবাৰে দুই ফৈদৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল যদিও শনিবাৰে পুনৰ মুস্তাক আহমেদে আৰু তেওঁৰ ককায়েক ভায়েকৰ সৈতে ছাহাব উদ্দিনৰ ঘৰত আক্ৰমণ কৰাৰ লগতে তিনি খনকৈ গাড়ী ভাঙি লণ্ড-ভণ্ড কৰে । লগতে মুস্তাক আহমেদৰ পৰিয়ালে ছাহাব উদ্দিনৰ পৰিয়ালৰ কেইবা গৰাকী মহিলা আৰু পুৰুষক বেয়া কৈ প্ৰহাৰে কৰে । ঘটনা সন্দৰ্ভত লাহৰীঘাটৰ বৰচলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ছাহাব উদ্দিন পৰিয়ালে ।
লাহৰিঘাটত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত - লাহৰিঘাটত দুটা ফৈদৰ মাজত সংঘাত
মৰিগাঁৱৰ লাহৰিঘাটত দুটা পৰিয়ালৰ মাজত চলি থকা ভূমি কেন্দ্ৰীক বিবাদে হিংসাত্মক ৰূপ ধাৰণ ৷ শনিবাৰে
লাহিৰঘাটত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত
কিন্তু বৰ্তমান বৰচলা আৰক্ষীয়ে ঘটনাটো তদন্ত নকৰি অভিযুক্ত মুস্তাকৰ লগত বহি আলোচনা কৰি গুচি য়ায় বুলি বৰচলা আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলিছে ছাহাব উদ্দিনৰ পৰিয়ালে ৷ আনহাতে ছাহাব উদ্দিনৰ পৰিয়ালে তেওঁলোকৰ ঘৰৰ পৰা মুস্তাক আহমেদৰ পৰিয়ালে দুই লাখ ৬০ হাজাৰ টকাৰ লগতে অলংকাৰ লৈ যোৱা বুলিও অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক:অসমৰ প্ৰথম গৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনীকান্ত বৰ্মনৰ দেহাৱসান