মৰিগাঁও, 23 আগষ্ট: বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ পম খেদি লাহৰীঘাট আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হল বৃহত্তৰ লাহৰীঘাট অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত চোৰ বুলবুল ৷ যোৱা কিছুদিন ধৰি লাহৰীঘাট থানাৰ অন্তৰ্গত জেঙৰবড়ী,চেতুৱাইখাইতি, বোৱালগুৰি, অমৰাগুৰি, ছেনিমাৰী,বৰখাবল আদি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰটোৱে ৷ শেহতীয়াকৈ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ শইকীয়াই দাতিয়ালবড়ী গাৱঁৰ আলী হুছেইনৰ এজাহাৰ ভিত্তিত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে চোৰ বুলবুলক।
মৰিগাঁৱত আৰক্ষীৰ জালত কুখ্যাত চোৰ - লাহৰীঘাট আৰক্ষীৰ অভিযান
অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল কুখ্যাত চোৰ বুলবুল ৷

মৰিগাঁৱত আৰক্ষীৰ জালত কুখ্যাত চোৰ
অৱশেষত লাহৰীঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত চোৰ বুলবুল
আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৮০/৩৪ৰ অধীনত দাতিয়ালবড়ী গাঁৱৰ ধৃত বুলবুল ইছলামক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।
উল্লেখ্যযোগ্য যে চলিত সপ্তাহতে আব্দুল কাদিৰ আৰু ৰিয়াজ উদ্দিন নামৰ আন দুটা গৰু চোৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷