মৰিগাঁও,১৬ ফেব্ৰুৱাৰী: সোমবাৰে শুভ উদ্বোধন কৰা হ'ল মৰিগাঁৱৰ ঝাৰগাঁৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো । কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰশাসনিক কাৰ্যালয়ৰ নতুন ভৱনটি উদ্বোধন কৰে নগৰ উন্নয়ন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ কয় যে, মৰিগাঁও জিলাৰ প্ৰধান সমস্যা হৈছে বান আৰু ইয়াৰ ফলত বহু কৃষকে খেতি কৰাৰ পিছতো সকলো হেৰুৱাবলগীয়া হয় ।
মৰিগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন সেয়ে কৃষকৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে বছৰি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৃষকৰ বেংক একাউণ্টত ৬ হাজাৰ আৰু ৫ হাজাৰকৈ টকা প্ৰদান কৰি আহিছে ৷ আগন্তুক বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে । কিন্তু বান সমস্যা সমাধানৰ পথ উলিয়াব নোৱাৰিলে এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ।
লগতে কৃষকসকলে নিজৰ প্ৰয়োজন সাপেক্ষে উৎপাদন কৰি আত্মসন্তুষ্টি ল’লে নহ’ব, বহিঃৰাজ্যলৈ পঠিয়াব পৰাকৈ অধিক শস্য উৎপাদন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । নৱনিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠানত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা আৰু মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিষয়া ৰিজুস্মিতা শৰ্মা ডেকাও উপস্থিত থাকে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে কয় যে, কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মৰিগাঁও জিলাৰ কৃষকসকলে কৃষি ক্ষেত্ৰত অধিক আগুৱাই গৈছে আৰু বানৰ সৈতে মোকাবিলা কৰিব পৰা কঠীয়া উদ্ভাৱন কৰিলে তাৰ পৰা কৃষকসকল বহুত উপকৃত হ'ব ৷ গুৱাহাটীৰ ICAR-ATARI,Zone-VI ৰ সঞ্চালক ড৹ এ কে ত্ৰিপাঠীয়ে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত লোৱা পদক্ষেপৰ ওপৰত সংক্ষিপ্ত বিৱৰণ দাঙি ধৰে । উক্ত অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্যসহ বিভিন্ন প্ৰতিষ্ঠানৰ কৃষি বিজ্ঞানীসকল আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগতে কৃষকসকল উপস্থিত থাকে ।
লগতে পঢ়ক: নিৰ্মাণৰ দিশে বৰপথাৰ-নাওহলীয়া-বৰডুবী সংযোগী পথ