অসম

assam

By

Published : Nov 12, 2020, 10:27 PM IST

ETV Bharat / state

মৰিগাঁৱত কলঙৰ খহনীয়াৰ কাল ৰূপ

মৰিগাঁৱত পানী শুকাই যোৱাৰ লগে লগে কলঙত গৰাখহনীয়াই ধৰিছে কালৰূপ। মৰিগাঁৱৰ জীয়া কলঙে তাণ্ডৱ সৃষ্টি কৰিছে তেলাহী গোণামাৰাৰ বিভিন্ন ঠাইত ।

morigaon-kolong-erosion
মৰিগাঁৱত কলঙৰ খহনীয়াৰ কাল ৰূপ

মৰিগাঁও, 12 নৱেম্বৰ : মৰিগাঁৱত কলঙে ধাৰণ কৰিছে কাল ৰূপ। দৈনিক বিভিন্ন ঠাইত চপৰা চপৰে জীয়া কলঙৰ দুয়োপাৰ। দমাল তেলাহি আৰু গোণামাৰাৰ কলঙে চপৰা চপৰে খহাইছে নদীৰ পাৰ ।

মৰিগাঁৱত কলঙৰ খহনীয়াৰ কাল ৰূপ

কৰবাত যদি গৰাখহনীয়াই মথাউৰিৰ প্ৰতি আনিছে ভাবুকি, আন কৰবাত আকৌ গৃহস্থৰ বাৰী গছ গছনি খহনীয়াৰ কবলত পৰিছে । স্থানীয় একাংশ ৰাইজৰ বাঁহৰ খুটিৰে, জাবৰ দি কলঙৰ খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ।

মৰিগাঁৱত কলঙৰ খহনীয়াৰ কাল ৰূপ

ইয়াৰ বিপৰীতে মৰিগাঁও জলসম্পদ বিভাগে আঁচনি যুগুত কৰাত ব্যস্ত হৈ পৰাতে সীমাবদ্ধ থকাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে ৷
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে

ABOUT THE AUTHOR

...view details