মৰিগাঁও, 30 অক্টোবৰঃ মৰিগাঁও খন্দাজান বিলমূৰত কলঙত অব্যাহত আছে গৰাখহনীয়া ৷ যি সম্প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গাঁৱখনৰ ডেৰশতাধিক পৰিয়াললৈ ৷ সকলো দেখিও নিৰ্লিপ্ত জিলা প্ৰশাসনৰ বৰমূৰীয়া সলক ৷
মৰিগাঁৱত বোৱঁতী কলঙত মাছমৰীয়াৰ অবৈধ ভেটা
বোৱঁতী কলঙত ভেটা দি মৎস্য চিকাৰৰ বাবে কেইবাখনো ঘাটজাল পতাৰ বাবে কলঙৰ দুয়োপাৰত সৃষ্টি হৈছে গৰাখহনীয়া ৷ সেয়েহে স্থানীয় ৰাইজে শীঘ্ৰে এইভেটা উঠাই দি কলঙৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনাইছে ৷
মৰিগাঁৱত বোৱতী কলঙত মাছমৰীয়াৰ অবৈধ ভেটা
উল্লেখ্য যে, ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি স্থানীয় লেচী মালপোতাৰ সন্তোষ আৰু সুৰেণ নাথ নামৰ মৰিবিলৰ লেচীদ্বয়ে মৰিবিলখন ডাকত লোৱাৰ গইনাৰে খন্দাজানৰ বিলৰ মূৰত এই অবৈধ ভেটা দিয়ে ৷ বোৱতী কলঙত ভেটা দি মৎস্য চিকাৰৰ বাবে কেইবাখনো ঘাটজাল পতাৰ বাবে কলঙৰ দুয়োপাৰত সৃষ্টি হৈছে গৰাখহনীয়া ৷ সেয়েহে স্থানীয় ৰাইজে শীঘ্ৰে এইভেটা উঠাই দি কলঙৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনাইছে ৷