মৰিগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ - morigaon
মৰিগাঁও জিলা জলসম্পদ বিভাগৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰতিবাদত বৰালিমাৰীৰ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজেও অংশগ্ৰহণ কৰে ৷
মৰিগাওঁ, 27 আগষ্টঃ ৰাজ্যিক জলসম্পদ বিভাগত চৰম দুৰ্নীতি আৰু লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ তুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও সমিতিয়ে মৰিগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ শতাধিক কাৰ্যকৰ্তাই বান-খহনীয়াত ক্ষতিগ্ৰস্ত বৰালিমাৰীৰ ৰাইজৰ সহযোগত জিলা জলসম্পদ বিভাগৰ সন্মুখত বিভিন্ন শ্লগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ লগতে সংগঠনটোৱে ৰাজ্যিক জলসম্পদ বিভাগৰ ভিতৰচৰাত ব্যাপক ৰূপত দুৰ্নীতি ও লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ প্ৰতিবাদথলীৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰপেক্ষভাৱে কেশৱ মহন্ত আৰু তেওঁৰ জলসম্পদ বিভাগৰ ওপৰত তদন্ত কৰাৰ বাবে প্ৰত্যাহ্বান জনাই সংগঠনটোৰ নেতৃত্বই ৷ জিলাখনৰ বান আৰু গৰাখহনীয়া স্থায়ী সমাধান, কৃষকক উচিত ক্ষতিপূৰণ,খাজনা ৰেহাই দিয়া, মথাউৰিত নিৰ্মাণৰ নামত সংগঠিত হোৱা দুৰ্নীতিৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদান, উন্মুক্ত মথাউৰিত সমূহ খৰালিতে মেৰামতি সম্পূৰ্ণ কৰাকে ধৰি 10 দফীয়া দাবী পূৰণৰ বাবে জিলা জলসম্পদ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৱে ৷