মৰিগাঁও, 9 আগষ্টঃ মৰিগাঁৱত অব্যাহত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কাৰাবন্দী হৈ থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী নেতা সকলৰ মুক্তিৰ দাবীত শনিবাৰে মৰিগাঁও জিলা দলংঘাটতত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মৰিগাঁও জিলা কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদকাৰী সকলে "নাগৰিকত্ব সংশোধনী আইন" বাতিল আৰু কৃষক নেতা অখিল গগৈকে ধৰি বন্দী কৰি ৰখা "কা" বিৰোধী আন্দোলনকাৰী সকলক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ এই কীৰ্যসূচীত সহযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট কথা যে, চৰকাৰে যদি ‘কা' বাতিল নকৰে আৰু অখিল গগৈক মুক্তি নিদিয়ে তেতিয়া তেওঁলোকে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তুলিব ৷
মৰিগাঁৱত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ মানৱ শৃংখল উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পাচলৈ ই আইনত ৰূপায়ন হোৱাৰ সময়লৈ অখিল গগৈয়ে এই আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনৰ অন্যতম গুৰিধৰোতা আছিল ৷ সেই সময়তে কৃষক নেতাজনক প্ৰথমে অসম আৰক্ষীয়ে আৰু পাচলৈ ৰাষ্ট্ৰীয় অনুসন্ধান শাখাই মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৷ প্ৰায় সাত মাহ উকলি যোৱাৰ পাচতো কৃষক নেতাগৰাকীয়ে লাভ কৰা নাই জামিন ৷ সেয়ে বিগত কেবাদিনো ধৰি তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈ আহিছে ৷ উল্লেখ্য যে, একেটা গোচৰতে অভিযুক্ত সংগঠনটোৰ আন দুগৰাকী নেতা বিতু সোণোৱাল আৰু ধৈয্য কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷
শুকুৰবাৰে নিয়াৰ আদালতত অখিল গগৈৰ জামিনৰ শুনানি আছিল আৰু এই শুনানিত নিয়াৰ আদালতে পুনৰবাৰ খাৰিজ কৰে কৃষক নেতাজনৰ জামিন আবেদন ৷ সেয়ে বৰ্তমানলৈ কৃষকনেতাজনৰ মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ পৰিছে ৷
লগতে পঢ়কঃমৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙৰ