অসম

assam

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা

10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলিওৱা হৈছে খেল’ ইণ্ডিয়াৰ শিখা ৷ খেল’ ইণ্ডিয়াক নৱপ্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্য মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ শিখা সমদল উলিওৱা হয় ৷

By

Published : Jan 5, 2020, 3:11 PM IST

Published : Jan 5, 2020, 3:11 PM IST

ETV Bharat / state

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা
মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা

মৰিগাঁও, 5 জানুৱাৰীঃ দেওবাৰে মৰিগাঁৱত উপস্থিত হয় খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা ৷ সমগ্ৰ ৰাজ্যতে খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখাৰ যোগেদি ৰাজ্যৰ যুৱ প্ৰজন্মক আগ্ৰহী কৰাৰ বাবেই লোৱা হৈছে এই কাৰ্যসূচী । মৰিগাঁও জিলাৰ বিভিন্ন খেলুৱৈ, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা জিলা ক্ৰীড়া সন্থা আৰু জিলা প্ৰশাসনৰ লোকে অংশগ্ৰহণ কৰি এক কিল'মিটাৰ শিখা পদযাত্ৰা সম্পূৰ্ণ কৰে ।

ৰাজ্যৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ কৰাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হ‘বলৈ যোৱা খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ পৰা বহুকেইজন প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা

গুৱাহাটীৰ পৰা পুৱা যাত্ৰা আৰম্ভ কৰা এই শিখা অভিযানে মৰিগাঁৱত 9 বজাত উপস্থিত হয় । মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাই এনেদৰেই সহযোগিতা আগবঢ়ায় ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আদৰণি জনায় ।

উল্লেখযোগ্য যে, খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখালৈ ৰাজ্যৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অহা দলটোত নগাঁও, গোলাঘাট,শিৱসাগৰ, নাজিৰা, তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত অহা ৯ জানুৱাৰীলৈ এই অভিযান চলিব ৷ অহা 10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত 20 টাকৈ অধিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব য'ত প্ৰায় 6,500 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details