মৰিগাঁও, 19 আগষ্ট: মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাগুৰি গাঁৱত এজন মৰাপাট কৃষকৰ লগত সংঘটিত হৈছে এক দলবদ্ধ আক্ৰমণৰ ঘটনা ৷ ঘটনা অনুসৰি শনিবাৰে বিয়লি ভূঞাগাঁৱৰ মৰাপাঠ খেতিয়ক দ্বীপেন ডেকাক তেওৰ মৰাপাটতলীত গোপনে জাল পাতিবলৈ অহা চুবুৰীয়া আহতগুৰি গাঁৱৰ একাংশ দুষ্কৃতিকাৰীয়ে লাঠি-জোং লৈ দৌৰাই দৌৰাই উপৰ্যপুৰি প্ৰহাৰ কৰে ৷ যুৱক জনৰ চিঞৰ বাখৰ শুনি তেওক প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ আহে যদিও তেতিয়ালৈ দুষ্কৃতিকাৰী সকলে পলায়ন কৰে ৷ পাছত দেহৰ বিভিন্ন অংগত বেয়া কৈ আঘাত প্ৰাপ্ত দ্বীপেন ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা যদিও গুৰুতৰ জখমৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওক গুৱাহাটীলৈ প্ৰেৰণ কৰে ।
মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ - দ্বীপেন ডেকা
মৰাপাটতলীত জাল পাতিবলৈ অনুমতি নিদিয়াৰ বাবে সংঘটিত হ'ল এই কাণ্ড ৷ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে আহত দ্বীপেন ডেকা নামৰ মৰাপাট কৃষকজনে ৷

মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ
মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ
সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যুৰ সৈতে যুঁজ দি আছে আহত দ্বীপেনে। ঘটনা সন্দৰ্ভত দ্বীপেন ডেকাৰ পিতৃয়ে মৰিগাঁও আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ।