অসম

assam

ETV Bharat / state

মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা - সাংবাদিকৰ প্ৰতিনিধি দল

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে অসম ৰাজ্যিক সাংবাদিক সন্থাই ঘোষণা কৰা প্ৰতিখন জিলা সমিতিৰ দ্বাৰা অতি ক্ৰমেও দুজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ বাবে লোৱা পদক্ষেপক কাৰ্যকৰী ৰূপ দিয়ে মৰিগাঁও জিলা সমিতিয়ে।

morigaon-journalists-felicited
মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

By

Published : Nov 16, 2020, 10:44 PM IST

মৰিগাঁও, 16 নৱেম্বৰ : অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত সোমবাৰে মৰিগাঁৱত ঘৰে ঘৰে গৈ দুই লেখক সাহিত্যিকক সম্বৰ্ধনা জনালে সাংবাদিকৰ প্ৰতিনিধি দলে।

মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে অসম ৰাজ্যিক সাংবাদিক সন্থাই ঘোষণা কৰা প্ৰতিখন জিলা সমিতিৰ দ্বাৰা অতি ক্ৰমেও দুজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ বাবে লোৱা পদক্ষেপক কাৰ্যকৰী ৰূপ দিয়ে মৰিগাঁও জিলা সমিতিয়ে। ইয়াৰ অংশ হিচাপে ডঃ নৱকান্ত বৰদলৈ আৰু অনিতা হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায় প্ৰতিনিধিৰ দলটোৱে।আনহাতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁৱৰ দুই জ্যেষ্ঠ সাংবাদিক ক্ৰমে আবুল কালাম আৰু মৃদুল ডেকাক চেলেং চাদৰ,গামোচা ,জাপি শৰাই, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায় জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ৷
মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details