মৰিগাঁও,16 জানুৱাৰীঃ পাহাৰ আৰু ভৈয়ামৰ মিলনৰ অন্যতম স্থলী হৈছে জোনবিল মেলা ৷ পাহাৰত বসবাস কৰা লোক সকলে নিজৰ উৎপাদিত শস্য, কাপোৰ আদি বিক্ৰীৰ বাবে ভৈয়ামলৈ আহে ৷ খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে এই মেলাত৷ সকলোৱে নিজ নিজ সামগ্ৰীসমূহ হোৰাত ভৰাই লয় আৰু মেলাত বাহৰ পাতেহি ৷ পাহাৰৰ পৰা অহা লোকসকলক স্থানীয়ভাৱে "মামা-মামী" বুলি কোৱা হয় ৷ পাহাৰত উৎপাদিত আলু,কচু,আদা,হালধি,আদা,জলকীয়া,লাও,জালুক,ধূনা আদি সমাগ্ৰী লৈ আহে পাহাৰৰ লোকসকলে ৷ ভৈয়ামৰ লোকে এই সামগ্ৰী সমূহ ক্ৰয় কৰে আৰু মামা-মামী সকলে ভৈয়ামৰ মানুহে প্ৰস্তুত কৰা পিঠা-পনা,জা-জলপান আদি ক্ৰয় কৰে ৷ পূৰ্বতে অৱশ্যে এই সামগ্ৰীসমূহৰ বিনিময় হে হৈছিল ৷ বৰ্তমানেও সেই বিনিময় প্ৰথা অব্যাহত আছে জোনবিল মেলাত ৷
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা
অসমৰ এখন ঐতিহাসিক জিলা মৰিগাঁও ৷ মৰিগাঁৱক প্ৰাচীন গোভা ৰাজ্যৰ মূল ভূমি বুলি ক'লেও ভুল কোৱা নহ'ব ৷ গোভা ৰজাৰ দিনৰ বহু পৰম্পৰা আৰু ঐতিহ্য এতিয়াও বিদ্যমান হৈ আছে জিলাখনত ৷ ইয়াৰ উৎকৃষ্ট নিদৰ্শন হৈছে জোনবিল মেলা ৷ পৰম্পৰাগতভাৱে গোভা ৰজাৰ দিনৰ পৰাই চলি আছে এই বিশেষ মেলাখন ৷ মাঘ বিহুৰ পিচতেই অনুষ্ঠিত হয় অতি প্ৰাচীন আৰু বৃহৎ হিচাপে পৰিগণিত জোনবিল মেলা ৷ জোন বিলৰ পাৰত অনুষ্ঠিত হোৱা বাবেই এই মেলাখনক জোন বিল মেলা হিচাপে অভিহীত কৰা হয় ৷ চলিত বৰ্ষত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে জোনবিল মেলা ৷
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এইবৰ্ষৰ জোনবিল মেলাৰ শুভাৰম্ভণী কৰে তিৱা শাসকলৰ ৰজা অথবা গোভা ৰজা দ্বীপসিঙে ৷ নৃত্য-গীতেৰে পতাকা উত্তোলন কৰাৰ পাচত দুপৰীয়া বিষয়ববীয়াৰ সৈতে বিলৰ পাৰত আহাৰ গ্ৰহণ কৰে ৰজাই ৷ নিশাৰ ভাগত মামা-মামীসকলেও পৰিৱেশন কৰিব বিভিন্ন গীত নৃত্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকেৰে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক জোনবিলৰ পাৰ ৷ বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিপণীত ভিৰ কৰা দেখা গৈছে গ্ৰাহকে ৷ এইদৰেই তিনিদিন ধৰি বাৰে ৰহনীয়া অনুষ্ঠানেৰে মুখৰিত হৈ থাকিব জোনবিল মেলাস্থলী ৷
লগতে চাওকঃ সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত