মৰিগাঁও, 17 মাৰ্চ: মঙলবাৰে মৰিগাঁও জিলাৰ তিনি বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত 46 বাৰকৈ তালাচী চলাইছে আৱকাৰী বিভাগে ৷ এই অভিযানত ২২,৩৪,০৫৬ টকাৰ মূল্যৰ অবৈধ সুৰা নষ্ট কৰাৰ লগতে চাৰিজনকৈ লোকক আটক কৰা হয় ৷
মৰিগাঁৱত ২২ লক্ষ টকা মূল্যৰ অবৈধ সুৰা নষ্ট - Morigaon illegal liquor
মৰিগাঁৱৰ বিভিন্ন ঠাইত অভিযান চলাই আৱকাৰী বিভাগে প্ৰায় ২২,৩৪,০৫৬ টকাৰ মূল্যৰ অবৈধ সুৰা নষ্ট কৰে ৷
মৰিগাঁৱত ২২ লক্ষ টকা মূল্যৰ অবৈধ সুৰা নষ্ট
উল্লেখ্য যে, জিলাখনত ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ দিনৰে পৰা ১৫ মাৰ্চলৈ ১৮,১২,০০০ টকা মূল্যৰ ২০,২৯৫ লিটাৰ অবৈধ সুৰা, ১,৪৪,৭৬৫ টকা মূল্যৰ ১৮৪.৬১ লিটাৰ বিলাতী সুৰা, ৭০,৩০০ টকা মূল্যৰ ৭০৫ কেজি লালীগুৰ আৰু ২,০৭,০০০ টকাৰ ৪৭ টা মদ প্ৰস্তুত কৰা আহিলা জব্দ কৰা হয় ৷ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে আৱকাৰী বিভাগে ৷
লগতে পঢ়ক-কংগ্ৰেছৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ বাঘেলে