মৰিগাঁও, 2 নৱেম্বৰঃ মৰিগাঁৱত অবৈধ বাছ আস্থানত পৰিবহনৰ বিভাগৰ তলা বন্ধ । উচ্চন্যায়লৰ এক নিৰ্দেশ মতে মৰিগাঁও মৈৰাবাৰীত পাঁচ অবৈধ বাছ আস্থানৰ বিপৰীতে দুই আস্থানত তলা লগোৱাক লৈ অসন্তুষ্ট আৱেদনকাৰী । পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আবেদনকাৰী ।
মৰিগাঁৱৰ মৈৰাবাৰীত ৰঘুমলাৰ দৰে বাঢ়িছে অবৈধ বাছ আস্থান । পাঁচটা অবৈধ বাছ আস্থানৰ বিৰুদ্ধে বৈধতাৰ প্ৰশ্ন তুলি স্থানীয় মৈৰাবাৰীৰ তাৰিকুল ইছলাম নামৰ এজন চৰকাৰী অনুজ্ঞা পত্ৰ থকা লোকে তৰিছিল লেখ আৱেদন । এই আবেদনৰ ভিত্তিতে মহামান্য গুৱাহাটী উচ্চন্যালয়ে মৈৰাবাৰীস্থিত পাঁচ অবৈধ বাছ আস্থান বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল মৰিগাঁও জিলা পৰিবহন বিভাগক । সেই অনুসৰি মৈৰাবাৰীত উপস্থিতি হৈছিল পৰিবহন বিভাগৰ বৰমূৰীয়াসকল ।
মৰিগাঁৱত অবৈধ বাছ আস্থানত উলমিল তলা উক্ত নিৰ্দেশনা অনুসৰিয়ে অভিযোগকাৰীক সন্তুষ্টি কৰাৰ স্বৰ্থত শুকুৰবাৰে মৈৰাবাৰীত উপস্থিত হৈ তলা লগালে পৰিবহন বিভাগৰ বিষয়াসকলে । আনহাতে পৰিতাপৰ বিষয় যে, ন্যায়লয়ৰ পাঁচ অবৈধ বাছ আস্থানৰ কাৰ্যলয় চীল কৰাৰ পৰিৱৰ্তে দুই আস্থানত এনেদৰে বন্ধ কৰিয়েই হাতধুলে মৰিগাঁও জিলা পৰিবহন বিভাগে । তাৰ বিপৰীতে উক্ত স্থানত বহালে ন'পাৰ্কিং চাইনবৰ্ড ।
যাৰ বাবে মাননীয় গুৱাহাটী উচ্চন্যায়লৰ নিৰ্দেশনাক মৰিগাঁও জিলা পৰিবহন বিভাগে অমান্য কৰা বুলি অভিযোগ তোলে আবেদনকাৰীয়ে । পাঁচ অবৈধ কাউণ্টাৰ বন্ধ কৰাৰ বিপৰীতে দুই কাউণ্টাৰ চীল কৰিয়েই দায়িত্ব সামৰাত পৰিবহন বিষয়াৰ ওপৰত ক্ষোভিত হয় আবেদনকাৰী । সেয়েহে পুনৰ মহামান্য উচ্চন্যায়লৰ দ্বাৰস্থ হ'ব স্বীকৃতি প্ৰাপ্ত কাউণ্টাৰৰ গৰাকী ৷