ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসকে - হোমিওপেথিক চিকিৎসক সন্মিলন
ডুবাই আৰু থাইলেণ্ডলৈ আমন্ত্ৰিত হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ৷ গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম ৷
![ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসকে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4382534-thumbnail-3x2-homeo.jpg)
মৰিগাঁও, 9 চেপ্তেম্বৰঃ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথে ৷ বহিঃৰাষ্ট্ৰলৈ আমন্ত্ৰিত হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ৷ কেণ্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ উদ্যোগত গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম হয় চিকিৎসকগৰাকী ৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ আগশাৰী হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলন খনিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হৈ এক মাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসকগৰাকীয়ে ৷ চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি বৰ্তমান সময়ত হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ডাঃ নাথ ৷ উল্লেখ্য যে ২৮ আগষ্টৰ পৰা ৩১ আগষ্টত সামৰণি পৰা সন্মিলন খনিত দেশৰ হোমিওপেথিক চিকিৎসা সেৱা উন্নতি কৰণৰ ওপৰতো আলোচনা কৰি দেখুওৱা পাৰদৰ্শিতাৰ বাবে অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া হোমিওপেথিক চিকিৎসকা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰিত হৈছে চিকিৎসকগৰাকী ৷