মৰিগাঁও, 27 এপ্ৰিল : মৰিগাঁৱত ইটাৰ ভাটাৰ মালিকে মাটি কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা টেক্টৰ চালকৰ দৌৰাত্ম্যই হাৰাশাস্তি কৰিছে কাঁহিবাৰী গাঁৱৰ ৰাইজক ৷ উপায়ন্তৰ গাঁওবাসীয়ে নিশাই ঘেৰাও কৰিবলৈ বাধ্য হয় মৰিগাঁও আৰক্ষী থানা ৷ উত্থাপিত অভিযোগ অনুসৰি, মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কাঁহিবাৰী গাঁৱত থকা ইটাভাটা মালিকৰ টেক্টৰে বৰষুণ সময়তো মাটি কঢ়িওৱাৰ ফলত বিধ্বস্ত হৈ পৰে গাঁওখনৰ পকী পথচোৱা ।
মৰিগাঁৱত টেক্টৰ দৌৰাত্ম্যৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি
মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কাঁহিবাৰী গাঁৱত থকা ইটাভাটা মালিকৰ টেক্টৰে চলোৱা দৌৰাত্ম্যত অতিষ্ঠ হৈ ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা ৷
মৰিগাঁৱত উত্তপ্ত পৰিস্থিতি
ফলত পথচোৱাত একাধিক দুৰ্ঘটনা সংঘটিত হয় । বাৰম্বাৰ ৰাইজে বাধা দিয়াৰ পাছতো টেক্টৰ চালকে ৰাইজৰ কথাৰ বিপৰীতে ৰাস্তাটোৰে টেক্টৰ চলোৱাত অতিষ্ঠ হৈ পৰি শুকুৰবাৰে আবেলি ১২খন কৈ টেক্টৰ জব্দ কৰি গতাই দিয়ে মৰিগাঁও আৰক্ষী থানাৰ সংশ্লিষ্ট বিষয়াক ৷ যদিও মৰিগাঁও আৰক্ষী থানাই গোপন মিতিৰালিৰে টেক্টৰসমূহ মুকলি কৰি দিয়াত গাঁওখনৰ শতাধিক পুৰুষ মহিলা ওলাই আহি ঘেৰাও কৰে থানা চৌহদ ৷