অসম

assam

ETV Bharat / state

মৰিগাঁৱত সকলো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ - জিলা উপায়ুক্ত

জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাৰ অধ্যক্ষা তথা জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ স্বাক্ষৰিত এক নিৰ্দেশনাই জৰিয়তে শনিবাৰৰ পৰা অনিৰ্দিষ্ট দিনলৈ কাৰ্যকৰী হোৱাকৈ মৰিগাঁও জিলাৰ সকলো বজাৰ -সমাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

মৰিগাঁৱত সকলো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ
মৰিগাঁৱত সকলো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ

By

Published : May 8, 2021, 11:00 PM IST

মৰিগাঁও,8মে’ :মৰিগাঁও জিলাত ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 4 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে ৰাজ্যখনত সম্প্ৰতি 1352 গৰাকী ক’ভিড-19ত আক্ৰান্ত হৈ আছে ৷ যাৰ পৰিপ্ৰেক্ষিত শনিবাৰে জিলা উপায়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ সকলো সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ।

মৰিগাঁৱত সকলো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ

উল্লেখযোগ্য যে, জিলা দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষা তথা জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ স্বাক্ষৰিত এক নিৰ্দেশনাই জৰিয়তে শনিবাৰৰ পৰা অনিৰ্দিষ্ট দিনলৈ কাৰ্যকৰী হোৱাকৈ সকলো বজাৰ সমাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ক’ভিড সংক্ৰমণৰ ৰোধৰ বাবে এই ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰা নিদেশনাটোত আইন ভংগকাৰী সকলৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা আইন 2005 আইনৰ ধাৰা অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ত সদৰী কৰিছে নিৰ্দেশনাটোত ।

লগতে পঢ়কঃ কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা ?

ABOUT THE AUTHOR

...view details