অসম

assam

By

Published : Oct 3, 2019, 10:33 AM IST

ETV Bharat / state

মৰিগাঁৱত গাওঁ পঞ্চায়ত সচিবৰ মইমতালি

মৰিগাঁৱত গাঁও পঞ্চায়ত সচিব হবিবুৰ ৰহমানৰ দৌৰাত্ম্য । অঞ্চলজুৰি প্ৰতিক্ৰিয়া ।

মণিপুৰটুপ গাঁও পঞ্চায়তত গাওঁসভাক লৈ বিতৰ্ক

মৰিগাঁও, 3 অক্টোবৰ:মৰিগাঁৱত ১৫০বছৰীয়া গান্ধী জয়ন্তীৰ উপলক্ষে অনুষ্ঠিত কৰা গাওঁসভাৰ নামত সচিব হবিবুৰ ৰহমানৰ মইমতালি । মণিপুৰটুপ গাঁও পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে গাঁও পঞ্চায়তৰ বিপৰীতে বিদ্যালয়ত একাংশ দলীয় কৰ্মীক লৈ পাতিলে গাঁওসভা ।

মৰিগাঁৱত গাঁও পঞ্চায়ত সচিব হবিবুৰ ৰহমানৰ দৌৰাত্ম্য

উল্লেখযোগ্য যে, ১৫০বছৰীয়া গান্ধী জয়ন্তীৰ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও গ্ৰামোন্নয়নৰ অন্তৰ্গত মণিপুৰটুপ গাঁও পঞ্চায়ততো গাঁও সভা অনুষ্ঠিত হ'ব বুলি মঙলবাৰে মাইক যোগে ঘোষণা কৰা হৈছিল । সেই অনুসৰি পঞ্চায়তখনত চৰকাৰী কাৰ্যসূচীৰ অনুপাতে গান্ধীৰ মূৰ্তিত বন্তি প্ৰজ্বলন, পদযাত্ৰা আৰু চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পিছে এইসভাতে পঞ্চায়ত সচিব হবিবুৰ ৰহমান অনুপস্থিত থকা দেখা গ'ল । তাৰ বিপৰীতে হবিবুৰ ৰহমানে বিদ্যালয় এখনতহে দলীয় কৰ্মীক লৈ সুকীয়াকৈ সভা পাতে ৷ এই ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details