অসম

assam

By

Published : Sep 24, 2019, 4:09 AM IST

Updated : Sep 24, 2019, 9:14 AM IST

ETV Bharat / state

মৰিগাঁৱত গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী নাগৰিক

2016 চনৰ বিদেশী ন্যায়াধিকৰণত FTC 140/16ত চলিছিল গোচৰ ৷ ঘটনাক লৈ সৃষ্টি  হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

মৰিগাঁৱত গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী নাগৰিক

মৰিগাঁও,24 ছেপ্টেম্বৰ: এন আৰ চিক লৈ ৰাজ্যজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ হ'ল অবৈধ বাংলাদেশী নাগৰিক ৷ সোমবাৰে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত জ্বলাগাঁৱৰ বাসগৃহৰ পৰা মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰে কামাল হোছেইন নামৰ অবৈধ বাংলাদেশী নাগৰিক জনক ৷ উল্লেখযোগ্য যে মৰিগাঁৱৰ বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে চলিত বৰ্ষৰ জুন মাহতে বিদেশী বুলি ঘোষণা কৰিছিল কামাল হুছেইন নামৰ লোকজনক ৷ বিদেশী কামাল হুছেইনৰ বিৰুদ্ধে 2016 চনৰ বিদেশী ন্যায়াধীকৰণত FTC 140/16 ত চলিছিল গোচৰ ৷

মৰিগাঁৱত গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী নাগৰিক

উল্লেখ্য যে ধৃত কামাল হুছেইনৰ পিতৃ ইমৰাণ আলী ওৰফে তেজপুৰীয়া কিছু বছৰৰ পূৰ্বে মৰিগাঁৱৰ জ্বলাগাঁৱলৈ আহিছিল আৰু পূৰ্বৰ চৰকাৰৰ দিনতেই ইন্দিৰা আবাস গৃহকে ধৰি সকলো চৰকাৰী সুবিধা আদায় কৰিছিল ৷ ইয়াৰ পাছতেই মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি ইতিমধ্যে তেজপুৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে কামাল হোছেইনক ৷ ৰাজ্যৰ চোদিশে এন আৰ চিক লৈ তীব্ৰ বাদ-বিবাদ চলি থকাৰ সময়তে এনেদৰে বিদেশী নাগৰিক গ্ৰেপ্তাৰ ঘটনাক লৈ মৰিগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Last Updated : Sep 24, 2019, 9:14 AM IST

ABOUT THE AUTHOR

...view details