মৰিগাঁও, 24 এপ্ৰিল :মৰিগাঁও তথা নগাঁও লোকসভা সমষ্টি আৰু জাগীৰোড বিধানসভা সমষ্টিৰ পশ্চিম মায়ঙত লক ডাউনৰ বাবে সাহাৰ্য বিতৰণ। অনুসূচীত জাতি অধ্যুষিত নিজগোৱৰ্ধন গাঁৱৰ বাসিন্দাসকল সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ পিছতে সহায়ৰ হাত আগবঢ়ায় অনুসূচীত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডলে । গুৱাহাটীৰ সমাজ সেৱীসহ মাছমৰীয়া,দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা 130 টা দৰিদ্ৰ লোকৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰে উপাধ্যক্ষগৰাকীয়ে ।
মৰিগাঁৱত দৰিদ্ৰ পৰিয়াললৈ খাদ্যৰ যোগান
মৰিগাঁও জাগীৰোড বিধানসভা সমষ্টিৰ ভিতৰুৱা পশ্চিম মায়ঙৰ গোৱৰ্ধন গাঁৱত অনুসূচীত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল আৰু গুৱাহাটীৰ কেইজনমান সমাজ সেৱী লোকে গাঁওখনৰ মুঠ 130 টা দৰিদ্ৰ পৰিয়ালক সাহাৰ্য বিতৰণ কৰে । সামাজিক দুৰত্ব বৰ্তাই ৰাখি খাদ্য সামগ্ৰী বিতৰণ কৰে তেওঁলোকে ৷
মৰিগাঁৱত দৰিদ্ৰ পৰিয়াললৈ খাদ্যৰ যোগান
উল্লেখ্য যে,স্থানীয় সমাজসেৱী যুৱকে ফোনযোগে যোগাযোগ কৰাৰ পিছতে সামাজিক দুৰত্ব বৰ্তাই ৰাখি বিতৰণ কৰিলে খাদ্য সামগ্ৰী ।
লগতে পঢ়ক : ধুবুৰীত কৰ'ণাৰ বিৰুদ্ধে নৌকা স্বাস্থ্য সেৱাই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ