মৰিগাঁও, 19 জুলাইঃ মৰিগাঁৱত চকুৰ সন্মুখতে উটি গ'ল এখন বিদ্যালয় । প্ৰলয়ংকাৰী বানে খহাই নিলে এখন বিদ্যালয় ৷ শুকুৰবাৰে সংঘটিত হৈছে ঘটনা ৷ মৰিগাঁৱত ইখনৰ পাচত সিখন বিদ্যালয় প্ৰলয়ংকাৰী বানে খহাই নিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । শুকুৰবাৰে চকুৰ প্ৰচাৰতে হুৰহুৰকৈ খহিল টেঙাগুৰি মজলীয়া বিদ্যালয় ।
মৰিগাঁৱত চকুৰ সন্মুখত উটি গ'ল বিদ্যালয় - lahorighat
মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত বিগত সপ্তাহত প্ৰথমটো ৰিংবান্ধ বাঢ়নী পানীয়ে খহাই লৈ যোৱাৰ পাচত শুকুৰবাৰে টেঙাগুৰি মজলীয়া বিদ্যালয়খন চকুৰ পচাৰতে তাচপাতৰ দৰে খহাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
মৰিগাঁৱত চকুৰ সন্মুখত উটি গ'ল বিদ্যালয়
উল্লেখ্য যে, মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত বিগত সপ্তাহত প্ৰথমটো ৰিংবান্ধৰ বাঢ়নী পানীয়ে খহাই লৈ যোৱাৰ পাচত শুকুৰবাৰে টেঙাগুৰি মজলীয়া বিদ্যালয়খন চকুৰ প্ৰচাৰতে তাচপাতৰ দৰে খহাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
আনহাতে, মৰিগাঁও টেঙাগুৰি অঞ্চলত বিদ্যালয়সমূহ বানৰ কবলত ধবংস হোৱাৰ পাচত গ্ৰীষ্মকালীন বন্ধৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে ক'ত কেনেদৰে পাঠগ্ৰহণ কৰিব সেই লৈ বিপাঙত পৰিছে অভিভাৱকসকল ৷