অসম

assam

By

Published : Sep 20, 2019, 6:46 PM IST

ETV Bharat / state

মৰিগাঁৱত বানৰ পিচত ডায়েৰিয়া ৰোগৰ আতংক

মৰিগাঁৱৰ লাহৰীঘাটত বানৰ পাচতেই এইবাৰ ডায়েৰিয়াৰ আতংক ৷ ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু দিলৱাৰা বেগম নামৰ এগৰাকী মহিলাৰ ৷ আনহাতে, ৰোগত আক্ৰান্ত প্ৰায় 20 জনতকৈ অধিক লোক ৷ মৃতকৰ আত্মীয়ৰ অভিযোগ চৰকাৰী চিকিৎসালয়ত নাই চিকিৎসক,নাই প্ৰয়োজনীয় ঔষধ ৷

স্বাস্থ্য খণ্ডত অৰাজকতা,হাহাকাৰ বন্যাৰ্তৰ

মৰিগাঁও, 20চেপ্তেম্বৰঃ মৰিগাঁৱৰ লাহৰীঘাটত বানৰ পাচতেই এইবাৰ ডায়েৰিয়া ৰোগৰ আতংক ৷ শুকুৰবাৰে ডায়েৰিয়াত আক্ৰান্ত হৈ দিলৱাৰা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে অঞ্চলটোত এইৰোগত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 20 জনতকৈ অধিক লোক ৷ মৃতকৰ আত্মীয়ৰ অভিযোগ চৰকাৰী চিকিৎসালয়ত নাই চিকিৎসক,নাই প্ৰয়োজনীয় ঔষধ ৷

মৰিগাঁৱত বানৰ পিচত ডায়েৰিয়া ৰোগৰ আতংক

অভিযোগ অনুসৰি,ডায়েৰিয়াত আক্ৰান্ত হোৱা মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত ৷ কিন্তু পৰিতাপৰ বিষয় স্বাস্থ্য খণ্ডটোত প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসকৰ অভাৱৰ বাবেই মৃত্যুক সাবটি ল'বলগীয়া হয় মহিলাগৰাকীয়ে ৷ প্ৰয়োজনীয় সা-সুবিধা নথকাৰ বাবেই এতিয়াও অঞ্চলটোত প্ৰায় কুৰিজনতকৈ অধিক লোক আক্ৰান্ত হৈ আছে এই ৰোগত ৷ কিন্তু লাভ কৰা নাই কোনো চিকিৎসা সেৱা ৷ ইপিনে, বাঢ়নী পানীয়ে বাট-পথ বুৰাই নিয়াত অঞ্চলটোত যাতায়তৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে বন্যাৰ্ত ৷ এতিয়া অঞ্চলটোৰ ৰাইজৰ বাবে নেদেখা জনেই হৈ পৰিছে শেষ ভৰষা ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details