অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱস উদযাপন কৰাক লৈ মৰিগাঁও প্ৰশাসন বিমোৰত

মৰিগাঁৱত স্বাধীনতা দিৱস উদযাপনৰ মাজতে হঠাৎ হোৱা এজাক বৰষুণৰ বাবে বৰ্তমান প্ৰশাসন সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ এছ ডি আৰ এফৰ জোৱানসকলে পানী সিচাত ব্যস্ত হৈ পৰিছে যদিও স্বাধীনতা দিৱস তৰুণৰাম খেলপথাৰত অনুষ্ঠিত কৰিব নে ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত কৰিব সেয়া বৰ্তমানলৈ নিৰ্ধাৰণ হোৱা নাই ৷

By

Published : Aug 14, 2020, 9:21 PM IST

Morigaon flag hosting field Now Flood
স্বাধীনতা দিৱস উদযাপন কৰাক লৈ মৰিগাঁও প্ৰশাসন বিমোৰত

মৰিগাঁও, 14 আগষ্ট :সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ৷ দেশৰ কৰ'ণাৰ ভাইৰাছৰ মাজতে দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব স্বাধীনতা দিৱস ৷

স্বাধীনতা দিৱস উদযাপন কৰাক লৈ মৰিগাঁও প্ৰশাসন বিমোৰত

ৰাজ্যৰ অন্য জিলাৰ লগতে মৰিগাঁও জিলাতো স্বাধীনতা দিৱসক লৈ প্ৰশাসনৰ ফালৰ পৰা ব্যাপক প্ৰস্তুতি অব্যাহত আছে ৷ ইতিমধ্যে, জিলাখনত প্ৰায় 90 শতাংশ প্ৰস্তুতি সমাপ্ত হৈছিল ৷ তৰুণৰাম খেলপথাৰত জিলা প্ৰশাসনৰ ফালৰ পৰা স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে প্ৰস্তুতি কৰা হৈছিল ৷ কিন্তু বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰৰ আবেলি লৈ হোৱা এজাক বৰষুণৰ ফলত উক্ত খেলপথাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত বৰ্তমান প্ৰশাসন ব্যাপক সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷

স্বাধীনতা দিৱস উদযাপন কৰাক লৈ মৰিগাঁও প্ৰশাসন বিমোৰত

বৰ্তমান মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ এছ ডি আৰ এফৰ জোৱান সকলে পানী সিচাত ব্যস্ত হৈ পৰিছে । কিন্তু তীব্ৰ গতিত পানী বৃদ্ধি পোৱাত স্বাধীনতা দিৱস তৰুণৰাম খেলপথাৰত অনুষ্ঠিত কৰিব নে ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত কৰিব সেয়া বৰ্তমানলৈ নিৰ্ধাৰণ হোৱা নাই ৷

লগতে পঢ়ক : হোজাইত বাল্যবিবাহঃ আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা

ABOUT THE AUTHOR

...view details