অসম

assam

ETV Bharat / state

মৰিগাঁৱত ঈদ-ঊজ-জোহাৰ প্ৰস্তুতি

পৱিত্ৰ উৎসৱ ঈদ-ঊজ -জোহালৈ মাজত মাজত কেইটামান ঘন্টা ৷ এই পৱিত্ৰ উৎসৱটোৰ বাবে মৰিগাঁও জিলাত চলোৱা হৈছে পূৰ্ণ প্ৰস্তুতি ৷ কৰ'ণা ভাইৰাছ আৰু বানপানীৰ সন্ত্ৰাসৰ মাজতেই জিলাবাসীয়ে ঈদ-ঊজ -জোহাৰ বাবে আখলত প্ৰস্তুত কৰিছে ভিন্ন সু-স্বাদু খাদ্য ৷

morigaon eid preparation
মৰিগাঁৱত ঈদ-ঊজ-জোহাৰ প্ৰস্তুতি

By

Published : Jul 31, 2020, 11:22 PM IST

মৰিগাঁও, 31জুলাই: মহামাৰী ক'ৰণা আৰু বানৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব পৱিত্ৰ উৎসৱ ঈদ-ঊজ-জোহা। ইয়াৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে ঈদ পালনৰ প্ৰস্তুতি। ইছলাম ধৰ্মালম্বী লোকসকলে বিভিন্ন সু-স্বাদু খাদ্য প্ৰস্তুত কৰিছে ৷ জিলাখনৰ মৰিমুছলমান গাঁওবাসীয়েও ঈদ-ঊজ-জোহা পালনক লৈ চলাইছে প্ৰস্তুতি ৷ গাঁওবাসীয়ে আখলত বনাইছে বিধে-বিধে পিঠা-পণা ৷ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ গাঁওবাসী যাব পৰা নাই যদিও পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীৰে চলাইছে ঈদ-ঊজ-জোহাৰ প্ৰস্তুতি ৷ কোৰবানিৰ বাবেও অনা হৈছে পশুধন ৷ এই ঈদ ঊজ জোহাই বিশ্বৰ পৰা কৰ'ণা মহামাৰী নিপাত যোৱাৰ বাবে ভগৱান তথা খোদাৰ ওচৰ প্ৰাৰ্থনা জনাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে গাঁওবাসীয়ে

মৰিগাঁৱত ঈদ-ঊজ-জোহাৰ প্ৰস্তুতি

জিলাখনৰ মৰিমুছলমান গাঁৱৰ সমান্তৰালকৈ দলবাৰী, গৰিয়া জাপৰি, বালিমুখ,জাজৰি, জালুগুটি, নগাবন্ধা, লাহৰী ঘাট, মৈৰাবাৰী আদি অঞ্চলৰ মছজিদ, ঈদগাহসমূহো ৰঙীন কৰি তোলা হৈছে এই ঈদ-ঊজ-জোহাৰ বাবে । সকলোৰে আশা এই পৱিত্ৰ ঈদ উজ জোহাই সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব ৷

ABOUT THE AUTHOR

...view details