অসম

assam

ETV Bharat / state

দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী - ব্যস্ত মৃৎশিল্পী

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো দুদিন । সমগ্ৰ ৰাজ্য প্ৰতিমা খনিকৰ সকলৰ মাজত চলিছে শেষ পৰশ দিয়াৰ প্ৰস্তুতি ।

morigaon durga puja preparation
দুৰ্গা পূজালৈ মাজত মাথো দুদিন

By

Published : Oct 20, 2020, 7:02 AM IST

মৰিগাঁও, 20 অক্টোবৰ : এইয়া শৰতৰ বতৰ ৷ শৰত মানেই যেন শাৰদী ৰাণী দুৰ্গা মাৰ সময় ৷ এই শাৰদীয় বতৰত শেৱালি ফুলৰ গোন্ধই সকলোকে আপ্লুত কৰি তোলে ৷ তাতে আকৌ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ বৃহস্পতিবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব দুৰ্গা পূজা ৷ দুৰ্গা মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী সকল ৷

দুৰ্গা পূজালৈ মাজত মাথো দুদিন

মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰৰ মৃৎশিল্পী সকলে নিজ-নিজ কাৰখানাত সাজু কৰি তুলিছে ভিন্ন প্ৰতিমা । পূৰ্বৰ তুলনাত সীমিত আকাৰত আৰু নগণ্য সংখ্যক দেৱী নিৰ্মাণেৰে সাজু হৈছে জিলাখনৰ পূজা উদযাপন সমিতিসমূহ । বিগত বৰ্ষসমূহৰ লেখীয়াকৈ বৃহৎ আকাৰৰ দুৰ্গা দেৱী নিৰ্মাণ কৰাৰ পৰা বিৰত আছে মৃৎশিল্পী সকল । কাৰ্যতঃ লকডাউনৰ বাবে জিলাখনৰ বহুকেইখন শতবৰ্ষ গৰকা পূজা উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী বাতিল কৰাৰ বাবে লোকচানৰ সন্মুখীন হৈছে মৰিগাঁৱৰ মৃন্ময় খনিকৰ সকল। কাৰণ কোচবিহাৰ আৰু কলকাতাৰ প্ৰখ্যাত মৃন্ময় শিল্পীক উক্ত দেৱী নিৰ্মাণ কৰাৰ বাবে প্ৰদান কৰিছিল আগধন ।

কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ মাজতে ৰাজ্যবাসীয়ে কিন্তু চৰকাৰী সকলো প্ৰট'কল মানি পালন কৰিব এইবাৰ দুৰ্গা পূজা ৷

অন্য এক খবৰৰ বাবে:নলবাৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও সচেতন মহিলা মঞ্চৰ

ABOUT THE AUTHOR

...view details