অসম

assam

ETV Bharat / state

মৰিগাঁৱত জাক-জমকতাৰ বিপৰীতে বৈদিক ৰীতি-নীতিৰে পূজা উদযাপন - মহা সপ্তমী

জাক-জমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত বৈদিক ৰীতি-নীতিৰে দূৰ্গতীনাশিনীৰ পূজা অৰ্চনা কৰাৰ দিহা কৰিছে মৰিগাঁৱৰ বাৰোৱাৰী সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে ৷

মৰিগাঁৱত বৈদিক ৰীতিৰে পূজা উদযাপন

By

Published : Oct 5, 2019, 6:39 PM IST

মৰিগাঁও, 5 অক্টোবৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে উখল-মাখল পৰিবেশ । মৰিগাঁও বাৰোৱাৰী সাৰ্বজনীন পূজামণ্ডপত শনিবাৰে মহা সপ্তমী উপলক্ষে চলিছে সপ্তমী পূজাৰ অৰ্চন বন্দন । পুৱাৰ পৰা পূজাথলীত ভক্তৰ ভিৰ । শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূৰ্গতি নাশিনীৰ ওচৰত আশীষ বিচাৰি আগবঢ়াইছে ধূপ দ্বীপ নৈবদ্য । জাক জমকতাৰে ন'হলেও বৈদিক ৰীতি-নীতিৰে পূজা উদযাপনৰ দিহা কৰিছে আয়োজক সমিতিয়ে ।

মৰিগাঁৱত বৈদিক ৰীতিৰে পূজা উদযাপন

ABOUT THE AUTHOR

...view details