অসম

assam

ETV Bharat / state

ৰঙাঘৰৰ আলহী ধৰমতুলৰ দম্পতি - মৈৰাবাৰী আৰক্ষী

মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত নাৰমাৰী গ্ৰান্ট আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ এই ঘটনাৰে জড়িত দুজনক আটক আৰক্ষীৰ ।

morigaon drugs seized
ৰঙাঘৰৰ আলহী ধৰমতুলৰ দম্পতি

By

Published : May 27, 2021, 10:55 PM IST

মৰিগাঁও, ২৭ মে': শহুৰৰ ঘৰত ড্ৰাগছ ঘাটি পাতি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল জী-জোঁৱাই আৰু শহুৰ ৷ ৰ্দীঘদিন ধৰি ধৰমতুল অঞ্চলত মৈৰাবাৰী আৰক্ষী থানাৰ পলাশজাৰিৰ মাইনুল হক ওৰফে মহন্ত আৰু তেওঁৰ সহযোগীয়ে ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল । এই কাণ্ডত ক্ষোভিত হৈ বৃহস্পতিবাৰে তেলাহী নতেলাহীৰ ৰাইজে ৩০ টা ড্ৰাগছৰ কন্টেইনাৰসহ তেওঁলোকক হাতে-লোটে ধৰা পেলায় ৷

ইয়াকে লৈ নাৰমাৰী গ্ৰান্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাৰ কিছু সময়ৰ পাচতে ধৰমতুল থানাৰ আৰক্ষীৰ দল আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত দুয়োজনকেই আটক কৰি অধিক তথ্য সংগ্ৰহ কৰিবলৈ সোধপোছৰ বাবে ধৰমতুল থানালৈ লৈ যায় ৷

মন কৰিব লগীয়া বিষয় এয়ে যে, মৈৰাবাৰীৰ কুখ্যাত ড্ৰাগছ মাফিয়া মিনুৱে মৈৰাবাৰী আৰক্ষীৰ হাতত ধৰা পৰি শেহতীয়াকৈ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত নাৰমাৰী গাঁৱৰ শহুৰেক হবিবুৰৰ ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল ৷ অৱশেষত এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ ছদ্মবেশত ড্ৰাগছ কিনিবলৈ গৈ হাতে লোটে ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

লগতে পঢ়ক: হাউলীত জব্দ হস্তনিৰ্মিত পিষ্টল: আটক দুই যুৱক

ABOUT THE AUTHOR

...view details