অসম

assam

By

Published : Mar 14, 2020, 2:09 AM IST

ETV Bharat / state

জাগীৰোডত ড্ৰাগছসহ আটক এজন লোক

এক গোপন তথ্যৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে শুকুৰবাৰে নিশা নিষিদ্ধ হেৰ'ইনসহ মহম্মদ আলী নামৰ এজন অভিযুক্ত ড্ৰাগচ ব্যৱসায়ীক আটক কৰে ৷ আটকাধীন লোকজনৰ ঘৰ জাগীৰোডৰ চাকু মাকু নামৰ এখন গাঁৱত বুলি জানিব পৰা গৈছে ৷

ড্ৰাগছসহ আটক এজন লোক
ড্ৰাগছসহ আটক এজন লোক

জাগীৰোড, 13 মাৰ্চঃ শুকুৰাবাৰে নিশা জাগীৰোড আৰক্ষীয়ে চলোৱা এক অভিযানত, নিষিদ্ধ হেৰ'ইন জব্দ কৰাৰ লগতে ঘটনাৰ লগত জড়িত এজন অভিযুক্তক আটক কৰে ৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে শিলভাগাত অভিযান চলাই মহম্মদ আলী নামৰ অভিযুক্ত ড্ৰাগচ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোকগৰাকীৰ ঘৰ জাগীৰোডৰ চাকু মাকু নামৰ এখন গাঁৱত ৷ আনহাতে আন্ধাৰৰ সুযোগ লৈ আন এগৰাকী অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ লোকে ৷

জাগীৰোডত ড্ৰাগছসহ আটক এজন লোক

ABOUT THE AUTHOR

...view details