মৰিগাঁও, 3 অক্টোবৰ :সোমবাৰে অনুষ্ঠিত হয়মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠান ৷ জিলা কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস । কুঁহি আৰু ৰামধেনু উপ-সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসটো পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰে জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই ।
ইয়াৰ পিচতে মৰিগাঁৱৰ বয়োজ্যেষ্ঠ সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক ড৹ নৱকান্ত বৰদলৈ আৰু শিক্ষাবিদ, সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটক নিজ নিজ বাসগৃহত বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় । জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকাখনিৰ উন্মোচন কৰে মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক উপেন চন্দ্ৰ ডেকাই ৷
দুপৰীয়া জিলা সাহিত্য সভাৰ সম্পাদক ড৹ অচ্যুত দাসে আঁতধৰা আৰু জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা সাহিত্য সভাৰ অতীত ৰোমন্থন আৰু কৰণীয় শীৰ্ষক অন্তৰংগ আলাপ উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে ।