মৰিগাঁও, 6 ডিচেম্বৰ :ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে বাঁহৰ বেৰ ৷ চৰকাৰী বিভাগলৈ বাট নাচাই ভুক্তভোগী ৰাইজে নিজাববীয়াকৈ বাঁহৰ বেৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে ৷
উল্লেখ্য যে, লাহৰীঘাট সমষ্টিৰ প্ৰায় 5 শতাধিক লোক এই বান আৰু গৰাখহনীয়াত মৃত্যুবৰণ কৰিছে । প্ৰতিবছৰে গৰাখনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় । ভয়াবহ বান আৰু গৰাখনীয়া সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰে ব্ৰহ্মপুত্ৰ নদী ক্ৰমাৎ দক্ষিণ দিশলৈ ধাৱমান হোৱাত লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া তুলসী বঢ়ি, টেঙা গুৰি ৰাজাগাধোৱা আৰু বালিডুঙা গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী পুনৰ উচন হৈ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী