মৰিগাঁও, 27 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত প্ৰকাশলৈ মাজত মাথো কেইটামান দিন ৷ এনে অৱস্থাত ৰাজ্য প্ৰশাসনে সকলো প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি তীক্ষ্ন নজৰ ৰাখিছে গৃহ বিভাগে ৷ ছ'চিয়েল মিডিয়াৰ লগতে অন্যান্য সংবেদনশীল অঞ্চলৰ নিৰীক্ষণৰ বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত প্ৰকাশৰ পূৰ্বে মৰিগাঁও জিলা প্ৰশাসনো ব্যস্ত হৈ পৰিছে ৷
এন আৰ চিঃ মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত - মৰিগাঁও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথো দুটা দিন ৷ এনে অৱস্থাত ৰাজ্যৰ সকলোৱে ব্যস্ত হৈ পৰিছে এন আৰ চিক লৈ ৷ মৰিগাঁও জিলা প্ৰশাসনো এন আৰ চিক লৈ ব্যস্ত হৈ পৰিছে ৷ অহা 31 আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিক লৈ মৰিগাঁৱৰ পৰা আমাৰ এক প্ৰতিবেদন ৷
এনআৰচিঃ মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত
31 আগষ্টলৈ মাজত মাথো তিনিদিন বাকী থকা অৱস্থাত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ মৰিগাঁও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই এইক্ষেত্ৰত প্ৰশাসনক সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ সাজু বুলি কয় ৷ এন আৰ চি সন্দৰ্ভত মৰিগাঁৱৰ পৰা ৰাতুল ডেকাৰ এক প্ৰতিবেদন.....